এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
জনকাব্য
ডিবুৰৰ ৰণখন সদিয়াত লাগিলে,
মিৰিয়নী কান্দিলে ডালত।
সৰুৰ-এপৰা পিৰিতি কৰিলোঁ,
নেৰিবা দুখৰ কালত॥১০৬।
শিৱসাগৰ পুখুৰী ন-কৈ খনালে,
ইটাৰে বন্ধালে পাৰ।
এনেকুৱা পিৰিতি এৰিব লাগিলে,
নগা-যাঠি মাৰিয়ে মাৰ॥ ১০৭।
কামলৈ যাবলৈ, টাইম্ চিনি পাবলৈ
আনি লম কুম্পানিৰ ঘৰি।
এনেকুৱা পিৰিতি এৰিব লাগিলে
মৰিম পকা নাদত পৰি॥ ১০৮।
দিখৌ নৈ এৰিব পাৰোঁ, ঐ লাহৰী,
জাজী নৈ এৰিব পাৰোঁ৷
আইকে-বোপাইকে এৰিব পাৰোঁ মই
তোমাক কেনেকৰি এৰোঁ॥ ১০৯।
দিহিঙৰ আগালি তিনি ভেঙুৰীয়া,
দিচৈতে উটুৱাওঁ ভুৰ।
তোমাৰ ঘাটতে ভুৰ চাপ খাব,
চেনেহ বুজি লবা মোৰ॥ ১১০।