পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
জনকাব্য

নৈলৈ হালিলে  নদালী ভলুকা,
 হালে পথাৰলৈ মকাল।
খোজতে হালিছে,  খোজতে জালিছে,
 ধনৰ খামুচীয়া ককাল॥ ১১৬।

আইৰ আলসুৱা,  বোপাইৰ আলসুৱা,
 চেনাইৰ আলসুৱা মই।
চেনাইলৈ বাট চাই  দুপৰৰ ৰ’দতে,
 আছোঁ গছৰ তলত শুই॥ ১১৭।

হাবিত নাম গালোঁ,  বোপায়ে শুনিলে,
 ঘৰতো নিদিলে ঠাই।
সৰুৰ-এ পৰা  ইমানটি হলোঁহি
 লোকৰ কটা তামোল খাই॥ ১১৮।

উজাই আহিলে  বাগিচাৰ ছাহাবটি,
 ছৰাপ খাই পেলালে ছিছা৷
অতক ধনবস্তু  কেহেলই লাগিছে,
 ঘইনী নহলে মিছা॥ ১১৯।

হাতীৰ পোৱালি  শিয়ালে লৈ গল,
 মাউতক লৈ গল শেনে।
তোমাৰে দেহাটি  যেনে হেন দেখিবা,
 আমাকো দেখিবা তেনে॥ ১২০।