পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আকুল পথিক

ষষ্ঠ অধ্যায়

বিলাতী সূতাৰে বানি  মোৰ বান্ধৈ ঐ
 বিলাতী সূতাৰে বানি৷
সূতা পকোৱাদি   মোৰ মন পকালি,
 চিতৰ কথা নকলি ভাঙি॥ ১০১।

শৰীৰ ক’লা হ’ল  ৰদে-বৰষুণে,
 কাপোৰ ক'লা হল ঘামে।
তোমাৰে সন্তাপত   হৃদয় ক'লা হল,
 নাখায় বনৰীয়া বাঘে॥ ১০২।

পধূলি পধূলি  মই ফুৰোঁ গধূলি,
 বাঘে খায় ঘোঙে খায় খক৷
নেৰোঁ মই নেৰোঁ মই   সৰুটী কলিজা,
 যায় যদি দেহাটি যক॥ ১০৩।

লুইতৰ বালি  বগী ঢক্ঢকী,
 কাছই কণি পাৰে লেখি৷
গাত জুই জ্বলিছে  সৰিয়হ ফুটিছে,
 চেনাইক পানি-ঘাটত দেখি॥ ১০৪।

চ’তে চ’তে গৈ   বহাগো পালেহি
 ফুলিলে নাহৰৰ ফুল৷
তোমাৰ লগত  মৰোঁ যদি মৰিম ঐ,
 এৰি যাম নিজৰ কুল॥ ১০৫।