পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
জনকাব্য

গৰু চৰাবৰ কঠিয়া তলীখন,
 মহে চৰাবৰ দল।
মুঠিৰ কটা তামোল  মুঠিতে শুকালে,
 দিবলৈ নাপালোঁ চল॥ ৯৬।

উজাই গৈ আছিলোঁ,  ধনৰ মাত শুনিলোঁ,
 কাষলৈ চপালোঁ নাও।
ধনৰে বাতৰি  নাপাওঁ ভাল কৰি,
 ভাটিলৈ ভটিয়াই যাওঁ॥ ৯৭।

উজাই আহিলে  কুম্পানীৰ জাহাজখন,
 পৃথিবী টলবল দেখোঁ৷
চপাই দে, চপাই দে  কুম্পানীৰ জাহাজ ঐ,
 মনোমতীৰ বাতৰি সোধোঁ॥ ৯৮।

কাকিনী তামোলত  কপৌ বাহ ললে,
 পৰে যেন পৰে যেন দেখোঁ৷
সৰুটী মনমা  নৰিয়া পৰিলে,
 মৰে যেন মৰে যেন দেখোঁ॥। ৯৯।

তোমাক নেদেখি  থাকোঁ কেনে কৰি
 সন্তাপে মাৰিছে খাই।
দেহৰ ভিতৰত  প্ৰেমাগ্নি জ্বলিছে,
 নুমুৱাই দিওঁতা নাই॥ ১০০।