পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
আকুল পথিক

কিনো তামোলখনি  দিলি, ঐ মইনা,
 দুখনি হাতেৰে ললোঁ।
সেই তামোলখনি  খাবৰ-এ পৰা
 তোমাৰ লগত বলিয়া হলোঁ॥ ৯১।

নাখায়ো নোৱাৰোঁ,  খালেও নামুৱায়
 বান্ধৈৰ ঠুৰি তামোখনি।
ঠুৰীয়া তামোলত  আহুদি কৰিলা,
 মটা হাঁহে পাৰিছে কণি॥ ৯২।

জপা গৰকিল  জপাৰ বৰ কাপোৰে,
 দেহা গণকিল প্ৰেমে।
প্ৰেমৰ জালতে  মৰোঁ কলমটিয়াই,
 মাৰিও নিনিয়ে যমে॥ ৯৩।

চুঙাৰে বাদুলি  কান্দ কি-এ বুলি
 কান্দ কি-এ বুলি জিলি।
এবাৰৰ পোৰণি  মাৰিব পৰা নাই,
 আকৌ গা দেখা দি গলি॥ ৯৪।

তামোলত বগালে  বাৰী জালুক জুপি,
 মদাৰত বগালে পাণ।
নেদেখি থাকিলে  থাকিব পাৰোঁ মই,
 দেখিলে থকাটো টান॥ ৯৫।