পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
জনকাব্য

ৰিব্ ৰিব্ কৰি  বতাহ জাকি মাৰিলে
 উৰুৱাই চোতালৰ ধূলি।
তোমাৰ পদূলিলৈ  কৰোঁ অহা-যোৱা
 মটা মহ হেৰালে বুলি॥ ৮৬।

কাৰ আগত কৈ যাম  দুখৰ কথাষাৰি,
 কোনে পাতি যাব কাণ।
চকুত নাই টোপনি,  তোমালৈ চিতনি,
 দেহালৈ পৰিছে টান॥ ৮৭।

মইনা লৰি মৰে  পানীয়ে পানীয়ে,
 মই লৰি মৰোঁ বামে৷
চকুৰে পানীৰে  দুগাল তিতি গলে,
 চেলেং তিতি গল ঘামে॥ ৮৮।

হাঁহ হৈ চৰিমগৈ  তোমাৰ পুখুৰীত,
 পাৰ হৈ পৰিমগৈ চালত।
ঘাম হৈ সোমামগৈ  তোমাৰ শৰীৰত,
 মাখি হৈ চুমা দিম গালত॥ ৮৯।

উজাই চালোঁ মই,  ভটিয়াই চালোঁ মই,
 তোমাৰ মান শুৱনী নাই।
দেৱে হৰিলে নে  মনিছে হৰিলে,
 মাতি মাত পাবলৈ নাই॥ ৯০।