পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
আকুল পথিক

অনুৰাগ

পঞ্চম অধ্যায়

তোমালৈ চাই চাই  চকু দুটি বিষালে,
 ঠিয় হৈ বিষালে ভৰি।
কোনজন ঈশ্বৰে  তোমাক সৰজিলে
 মৰম নাইকিয়া কৰি॥৮১৷

উজাই নাৱৰীয়াই  বালিত ভাত খালে,
 গছকি পুতিলে ছুৱা৷
কিনো দায়-জগৰ  লগালোঁ, চেনাই ঐ ,
 নেদেখোঁ গধূলি পুৱা॥৮২৷

হাললৈ লিখিলে  মোক, ঐ লাহৰী,
 কোৰলৈ লিখিলে মোক।
চাৰি আঙুল কপালত দুখকে লিখিলে,
 তোলৈ নিলিখিলে মোক।৷ ৮৩।

নলনিত কান্দিলে  হেঁটুলুকা চৰাইটি,
 হেঁটুলুক কৰিলে বনত।
হাতৰ বন সৰি  চিতনি ধৰেহি,
 চেনাইৰ কথা পৰিলে মনত।৷৮৪।

নৈৰ ঘূৰণীয়া ডবক, সমনীয়া,
 নৈৰ ঘূৰণীয়া ডবক।
ফুল চ’তি লগাই, শোৱা ঘৰ সাজিলোঁ,
 মোৰ ধন নাইকিয়া লগত॥৮৫।