পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩
আকুল পথিক


চতুৰ্থ অধ্যায়

ই বোলে মইনা,  সি বোলে মইনা,
  মই বোলোঁ বুকুৰে সোণ।
মইনাৰ মুখলৈ   চাবকে নোৱাৰি,
  সাইলাখ পূৰ্ণিমাৰ জোন॥ ৬১।

বৰ ঘৰৰ মূধতে  তাঁত বই আছিলে,
  মূৰত নেমুটেঙাৰ ভৰণ।
গজেকৈ মুকুতা  চিনিব নোৱাৰি,
  হেঙুল হাইতালৰ বৰণ॥৬২।

আহতে সলাবৰ পাত,  মোৰ বান্ধৈ ঐ,
  আহতে সলাবৰ পাত।
তুমি যে লাহৰী,  বৰণটি সলালা,
  মুগা ৰিহা মেৰালা গাত॥৬৩।

ক’লা চোলাই নুশুৱায়  তোক, ঐ লাহৰী,
  বগা চোলাই নুশুৱায় তোক।
ৰংপুৰ জিলাতে  আছে, ৰঙা চোলা,
  সেয়েহে শুৱাব তোক॥৬৪।

হাতৰে লাহেৰে   খাৰুযোৰ পিন্ধিলা,
  ভৰিৰ লাহৰে কৰি।
গলধনত পেলায়ে   খোপাটি বান্ধিলা
  এহাত এমুঠন কৰি॥৬৫।