পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
জনকাব্য

দিনৰে চিকুণ   আকাশী সবিতা,
  ৰাতিৰ চিকুণ জোন।
তাতােকৈ চিকুণ   আমাৰে মইনা,
  নাচাই বা পাৰিব কোন।।৫৬।

জিলিকি আহিছে  মােৰ ধনৰ চ’ৰা নাও,
 জিলিকি আহিছে চৈ।
ত’তে দেখিলোঁ,  এখেতে চিনিলোঁ,
 মােৰ ধনৰ মু’খনি ঐ।।৫৭।

আকাশত উৰিলে কালিন্দ্ৰী ভমৰা,
 পৃথিবীত পৰি গল ছঁয়া।
তােমাক লাহৰী দেখোঁ সমাজিকত,
 কোনে কৰি যাব দয়া।।৫৮।

উজাই চালোঁ মই,  ভটিয়াই চালোঁ মই,
 তােমাৰ মান শুৱনী নাই।
কেচা কলা কাটি কৰোঁ দেৱ-পূজা,
 তেও তোমাক পাবলৈ নাই।।৫৯।

চাওঁ তিনি বেলি  মাটিৰে মঙল ঐ,
 মাতোঁ তিনি বেলি গণক।
গধূলি ওলায়ে  মাৰোঁ গিৰিপনি,
 এবেলি নেদেখোঁ ধনক।।৬০।