পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪
জনকাব্য


শুৱায় যে নুশুৱায়  সোণ-পোৱালমণি
 উলিয়াই উলিয়াই চাওঁ।
শুৱায় নে নুশুৱায়  মোৰ ধন লাহৰীক
 আগ-পিছ কৰি চাওঁ॥৬৬৷

নাও হেঙুলীয়া,  বঠা হেঙুলীয়া,
 আৰু হেঙুলীয়া ছৈ।
চেনাইৰে মূৰৰে  জাপি হেঙুলীয়া,
 বিজুলী বাঁহৰ দৈ॥৬৭।

আবেলি বেলিকা  জিকা ফুল ফুলিলে,
 মাৰে মোৱা মাছে জাকি।
আমাৰে লাহৰী  গাৱঁলৈ ওলালে,
 লগৰ সমনীয়া সাখী॥৬৮।

কিনো হাত দুখনি,  কিনো ভৰি দুটি,
 কিনো ঐ সুৱলা মাত।
ৰ’দ পাই জিলিকে  তোমাৰ গাল দুখনি,
 হাঁহিটিত জিলিকে দাঁত॥৬৯।

ডিঙিৰে গেজেৰা,  মুখৰে চকলা,
 বুকুতে এতোলা সোণ।
জীৱনে-মৰণে  কেনেকৈ পাহৰিম
 সৰুটী চেনাইৰে গুণ॥৭০।