পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১
আকুল পথিক

ওলায় জকমকী আকাশী চন্দ্ৰমা,
 ওলায় জকমকী তৰা।
ওলায় জকমকী আমাৰ প্ৰাণেশ্বৰী
 শহুৰৰ ঘৰৰ পৰা॥৫১।

হাঁহে বাট বুলে লুডুৰে-পুডুৰে,
 পাৰই বাট বুলে ৰৈ।
চেনাই বাট বুলে চেউনি আলিতে
 লগৰ সমনীয়া লৈ॥৫২।

টিনপাতৰ বঙলা, তলেদি ভমলা,
 নিয়ে তুলাপাতৰ সোপা।
ধনক চিনিবলৈ লাগে কত বেলি,
 মূৰত আছে নেঘেৰি খোপা॥৫৩।

ধনশিৰি ভেটিলে জেঙে-জাবৰে,
 সোৱণশিৰি ভেটিলে কোনে।
ভগা খোলাকটি কুমাৰে গঢ়িলে,
 যৌৱন গঢ়ি দিলে কোনে॥৫৪।

কিনা খুৱাই বঢ়ালা মটা মহৰ গলধন,
 আলিৰ কাটি আবালি দল।
কিনো খুৱাই বঢ়ালা চেনেহৰ চুলিটাৰ,
 হাজাৰীৰ গোলাৰে তেল॥৫৫।