পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
জনকাব্য

চকুৱে চকুৱে  কি চাৱ, মইনা,
 মই চালে তলমূৰ কৰ।
তই নৌ মাতোঁতে মাতিব পাৰোঁ মই,
 জানোবা কেটেৰা মাৰ॥৪৬।

পূবৰে অৰুণ  পছিমত ঘূৰিলে,
 মলয়াত ঘূৰিলে বগ।
মনৰ কথাষাৰি  মনতে ঘূৰিলে,
 কবলৈ নাপালোঁ লগ॥৪৭।

শালে ভূমুকিয়ায়,  শলে ভূমুকিয়ায়,
 চেঙাই ভূমুকিয়ায় খালত।
পৰাণৰ ভিতৰত  ধনে ভূমুকিয়ায়,
 তালৈ পৰি থাকে মনত॥৪৮।

হাতৰে আঙুলি  পবালি পবালি,
  ভৰিৰে আঙুলি ঘন।
কোন কটাৰ জীয়ে  জীয়ৰী তুলিলে
  চাই থাকিবৰহে মন॥৪১।

বাঁহৰ আগলৈ  চাই পঠিয়ালোঁ,
 বাঁহৰ কোনডালি পোন।
শহুৰৰ ঘৰতে  দেখি থৈ আহিছোঁ
 সাক্ষাৎ পূৰ্ণিমাৰ জোন॥৫০।