পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আকুল পথিক

তৃতীয় অধ্যায়

নামৰো আছিলোঁ ঘাই মই, বান্ধৈ ঐ,
 গীতৰো আছিলোঁ ঘাই।
নামো পাহৰিলোঁ, গীতো পাহৰিলোঁ
 তোমাৰে বাতৰি পাই॥৪১।

তোমাৰে মুখনি  পূৰ্ণিমাৰ জোন যেন,
 সুৱল তোমাৰ মাত।
তাঁতৰ শালত  দেখিবৰ পৰা
 পেটলৈ যোৱা নাই ভাত॥৪২।

নৈ দেখি লাগিলে  পানীৰ পিয়াহটি,
 তোমাক দেখি লাগিল দয়া।
হাতৰ কটা তামোল  হাতত মৰহিল,
 নহলা নিজৰ গঞা॥৪৩।

মাটিত বহি থেৰেজু লেখোঁ, ঐ লাহৰী,
 পাটিত বহি থেৰেজু লেখোঁ।
তোৰ ঘৰ সিপাৰে,  মোৰ ঘৰ ইপাৰে,
 ৰাতি সমাজিকত দেখোঁ॥৪৪।

তোমাৰ মুখলৈ  চাবকে নোৱাৰি,
 মাৰি দিয়া মিচিকাই হাঁহি।
এদিন দুদিন কৰি  আমাৰ মন মুহিলা
 পদূলি-মুখলৈ আহি॥৪৫।