পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৯
ৰহৰহী

বাজিব লাগে টেমি-কটাৰী, বাজিছে হাঁচতি।
বুঢ়া কঠালৰ মুঢ়া। জাকৰুৱা ঘৰলৈ ছোৱালী
নিদিবা, ঢেঁকীয়ে কৰিব বুঢ়া॥
বুঢ়া শালিকাই মাত লোৱা॥
বাঁহ চিত দৰুৱা কাতি। বাতা তেৰডাল খাগৰি মুঠি॥
বহি খাই থাকিলে কুবেৰৰ ভৰালো উদং হয়॥
বাপ, ঢোৰা সাপ॥ বাপেক চাই পুতেক॥
বাৰীৰ চুকত বুঢ়ী যোগিনী থাকে।
সময়ত তাইকো পতিয়াহ কৰিব লাগে॥
বৰগছৰ গুৰিত আশ্ৰয়, টোপালে তিয়াই মাৰে।
বামুণৰ ক’লা ডোমৰ বগা দুইৰো আশয় নোপোৱা।
বনিয়া বামুণ। চল পালে লয় নগুণ॥
বাৰ্হনীৰ বুটি, পুৰুষৰ চুটি॥ বিয়াৰ বামুণ,
তৰ্পণৰ কুশ। চেঁচুকৰ ডামদেউকা, বৰষুণৰ তুঁহ॥
বেজৰ ভায়েক ভেকো। মই নাজানো একো॥
বোলা বাক্য এৰণ নাযায়। এৰিলে জাত-কুল যায়॥
বেশ্যাৰ পৰাচিত আছে, মিছাৰ পৰাচিত নাই॥
বান্দৰৰ ঘা, খুচৰিলে বহল হয়।
ব্ৰহ্মা বিষ্ণু ত্ৰিদশ দেৱ। নাখালে নিজীয়ে কেও॥
বাঁহৰ এফাল, মানুহৰ একাল॥
বাপ মৰক, মাইকী থক। চেই চেই উৰুলী পৰক।
বুজিয়া-সুজিয়া বান্ধিবা আঁৰি।
শত্ৰুজনক তেহে চিনিতে পাৰি॥
বলে-নোৱৰা শিলক পৰি নমস্কাৰ॥
বৰকৈ ভৰিত ধৰা মানুহে চল পালে কান্ধত উঠে।
বগী চক্‌চকী ৰূপৰ পিঠি। কাউৰীয়ে ভৰ্ছে পিঠিত উঠি॥
বাঘৰ টিকাত আঙুলি বটিওৱা।
বিষ নাইকিয়া সাপৰ ফোপাউৰিয়েই সাৰ।
বাঁহ বাঢ়িলে, গিলিলে বৰাই, পঘাই গিলিলে গৰু।
হাতত পঘালৈ ৰান্ধনী লৰিলে, খেদি লৈ গল চৰু॥
বাঁহপাতে কাটিলে গা। কৰণিতে কাপোৰ থৈ,