পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২৮
জনকাব্য

দেখাত দেখিছা ভেটগুটি, কথা আছে, ডেৰ কুৰি॥
বান্ধত বগৰা, ফান্দত ওফৰা॥ বাৰ জোৰা দিয়া॥
বুঢ়ী হলো, ঠেৰী হলো, দাঁতত ধৰিলে পোকে।
আৰু নো কি গাভৰু হম, তামোল দিব লোকে॥
বনৰ নাই কূটা এগচি। খাবলৈ বিচাৰে পাচী পাচী॥
বাৰ মুনিৰ তেৰ মত॥ বিয়ৈ, দেখোন ঠিয়ৈ ঠিয়ৈ॥
বাছোতে বাছোতে গেলা বৰালীত হাত।
বেটীৰ খং বাঢ়নিত॥ বাৰ-বাহতুৱা লোক॥
বাছোতে বাছোতে লাগিব পোক।
মোতকৈ অধমে নিবহি তোক॥
বাহিৰে লট্‌পট্‌, ভিতৰি কপট, নাই ভকতৰ আশ॥
বুঢ়াৰ টিকাত ৰাঙৰ কেৰু। শোতোৰা টিকাত কড়াই,
লাৰু॥ বুধি আছে, বৰা ধান নাই॥
বাপৰ জন্মত ঘোৰা নাই। টিকাত লেকাম লগায়॥
বগৰাক নিদিবা ঠাই, বাৰীৰ পাত-পাচলা খায়॥
বৰ ভাই যায় যেনি, সৰু ভায়ো যায় তেনি॥
বৰ-বৌ কিমানৰ কাজী৷ বেৰৰ জলঙাই চাই
পঠিয়ালো, ধৰিব নাজানে পাঁজি॥
বছৰেকত ৰেও, ছমাহত ঘেও, এইজনী কাজী কাৰ
বুকুত দেও॥ বুৰেপতি সেলুক॥
বব নাজানো কাটিব নাজানো , হলোৱাৰ চহাৰ জী।
এখন গামোচা বৈ থৈ আহিছো, পদুম সাত শাৰী দি॥
বামুণ ভো ভো দেৱতা, শুদিৰ চেলোৱা দঁতা।
বোপাইতো লহৰ-পহৰ। মুকুতি মাৰিব ঠহৰ্‌ ঠহৰ্‌॥
বিশ্বকৰ্ম্মা কিমানৰ কাৰিকৰ জগন্নাথৰ মূৰ্ত্তিতেই চিন।
বেঙো ওলাল, সাপেও দেখিলে॥ বৌৱে পতা বৰা॥
বামুণৰ গৰু শুদিৰে বায়। তাৰ কি আগ-গুৰি চায়॥
বাঘে-ঘোঙে লগে চৰে। কাকো পালে কেৱে নেৰে॥
বৌ, এদোণমান ধান আনিছো ককাইৰ আগত কৌ॥
বাটৰ ভঙুৱা ডোম। তাইৰ পৈয়েক নাই কোন॥
বৈকুণ্ঠতো ফাপৰে খোৱা থাকে॥ বৈকুণ্ঠৰ বোন্দা॥