পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩০
জনকাব্য

বননিতে নাচাঁগৈ, গোবিন্দ গোবিন্দ ঔ টোকাৰী বা৷
বাঁহৰ আগত উজায় পুঠি মাছ,
চিনাই কি খাই জীয়ে৷
বেজী আগত ৰান্ধন-বাঢ়ন, উধানে কি কাপোৰ সীয়ে।
বোকাত গৰৈ মাছ ধৰো। হিয়া-মূৰ ভুকুৱাই মৰো॥
বহিব জানিলে মাটিয়েই পিৰা৷
খাব জানিলে চাউলেই চিৰা॥
বহু তিৰিৰ ঘৰ ফেদেলা। বহু মটাৰ ভূঁই ফেদেলা।
বামুণে চায় কালক। গণকে চায় ভালক।
বাঘৰ চিত বুজিব পাৰি। বামুণৰ চিত নোৱাৰি।
বুজাক বুজাবা ঠাৰে-চিঞাৰে। নুবুজাক কিল-মাৰে॥
বহোঁ তাঁতপাটত। চকু আলিবাটত॥
বামুণৰ চিকুণ ফোঁটে-লগুণে, হোমৰ চিকুণ ধোঁৱা
পানীৰ চিকুণ পানীপৰুৱা, মাছৰ চিকুণ মোৱা।
বাৰ দেশ ফুৰে যি৷ বাৰ কথা শিকে সি।
বছৰ-দিনে যাবি, বৰপিৰাখন পাবি।
যদি দেখে নিত নিত, চকু কৰে পিট্‌পিট্‌॥
বাটৰ দুবৰি, ঘাটৰ পানী॥ বিয়া নে দিয়া।
বাঁহৰ বিচনি, বেতৰ জেলেপ।
মই মৰো কেলেপ কেলেপ॥
বেঙেনাৰ ফুলে বোলে মোৰ ফুল গুটি।
ভাল ভাল লোকে তাতে পায় জুতি॥
ৰক্। অলপ পানীতে কক্ বক॥
বৰজনী ঘৈণী, সৰুজনী চুটি। তাই পাঁচে উধানত উঠি॥
বাই-ভনী, খেৰৰ শনি। ভাৰ্য্যা হল গলৰ মণি॥
বজ্ৰবটালিৰ মূৰত টাঙোন॥ বামত সাঁতোৰ॥
বগা ভাত দেখিলে ক'লা কাউৰীৰ কি আকাল।
বাঘৰ আগত ছাগৰ ডেৱা-ডেৱি॥
বাঘ-ককা নে বৰা-ককা॥ বালিচাহিৰ পৰা গজহস্তী॥
বান্দৰে কি বুজে নাৰিকলৰ মোল॥
বান্দৰৰ মুখৰ কল ভুকুৱালেহে সৰে॥