পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১২
জনকাব্য

মাহৰ খাৰত লোণ পাইছোঁ; ল’ৰাহঁতৰ মাক,
বিহুনে কি আজি॥ তলৰ মাটি ওপৰ কৰ॥
তোমাৰ কথা চেলিল। বেঙেনাৰ ভিতৰত পোক
সোমাই, ভিতৰে ভিতৰে গেলিল৷৷
তপত ঘ ঘ, ছুই মাত্ৰ যোৱাহি।
তেওঁ বৰ কাঁজী৷ এসেৰ কপাহৰ এসেৰা পাঁজি॥
তোৰ মাটিত মোৰ ঘৰ। যি লাগে তাকে কৰ॥
তলে যায় মোনা। গিৰিহঁতে বোলে কুকুৰী কণা!!
তুলসীৰ কি সৰু-বৰ। গুৰুৰ কি ভিন-পৰ॥
তোমাৰ বাৰীৰ বাঁহ-গাঁজ খুন্দি তাৰে কৰিছোঁ খৰিচা।
তাকেদি তোমাৰে ধান সলাওঁ, কথাটো মন কৰিছা॥
তিনি শ ষাঠি বছৰে ইটা হয় মাটি।
খোলাই চি-চিয়ায়, এঙাৰে চকু মেলি চায়,
বোলে বছৰেকৰ এদিনহে যায়৷৷
তামোল আন, পাণ আন, মুখ ভৰি খাওঁ।
বেজী আন, বটিয়া আন, চোতালখন সী যাওঁ॥
তলে ফুটছাই, ওপৰে জকাই। ইয়াতকৈ সুখ
কি আছে ককাই৷৷ তলে ফুটছাই, ওপৰে নৈ৷
ইয়াতকৈ সুখ পাইছিলোঁ গৈ॥
তেলো একোহা, পেটুও একোহা৷
তিনিদিনীয়া জ্বৰ, ভাতলৈ যতন কৰ৷৷
তই কলা, মই কলা, যোৰ পাইছোঁ ভালা ভালা৷৷
ততুৱাই থাকে ততকৈ, নিততুৱাই থাকে চায়৷
ফটা আঁঠুৱাই মহ সোমাই ভুলুং ভুলুং খায়৷৷
তালুত চুলি নাই, তাকে বোলে টপা।
কথাৰ সাঁচ নাই, তাকে বোলে লপা॥
তিনি জোৰা দিয়া নাঙল-যুঁৱলি তিনি জোৰা দিয়া মৈ।
তিনি জোৰা বাতলু তিৰুতা, তিনি জোৰা দিয়া পৈ॥
তিৰি, ধৰি, কড়ি। এই তিনি প্ৰাণৰ বৈৰী।
তিনি যুটিয়া জেতুকা বতা।
চোৰ-গৰুৰ বিৰিণাৰ পঘা॥