পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১১
ৰহৰহী

তই মাকৰ জী, মই মাকৰ জী৷
তপত ভাতক চেঁচা কৰো হেচাঁ-পোতোকা দি॥
তিনটাতে তেতেৰা বাঁহপাতৰ জুই।
কোনজনী আহিছ মোৰ সতিনী হুই॥
ত’তে থাওক, এখেতে কান্দো৷
ভৈয়াইক আনি দিয়া বুকুতে বান্ধো॥
তোৰ, মোৰ। মোৰ, বাপেৰেও নাপায় তোৰ॥
তিনি মুনিহে জপনাখন দিলে।
হাঁহিনীয়ে মূৰত তুলি নিলে॥
তিনি বেঙা, তিনি চেঙা, তিনি কঠা চাউলৰ ভাত।
হাতত খৰা কাচী, টিকাত ফটাকানি, কোব মাৰি
কটি আনে পাত। তপত ভাতৰ ধোৱাই খায়॥
তিৰিৰ চুটি। বাঢ়নীৰ বুটি॥
তিৰিয়ে বিচাৰে ধনৱন্ত পৈ।
নদীয়ালে বিচাৰে মাছ থকা নৈ।
তুলিত আছিলোঁ শুই, খাটত আছিলোঁ শুই।
খাটৰ পৰা বাগৰি পৰিলোঁ লাগিল টিকায়-মূৰে জুই॥
তিনি সাজি খাই বোৱাৰী কঁপে।
তেওঁ যেন বোৱাৰী দেওহে জপে॥
তামোলে দিওঁ খা, পাণ দিওঁ খা।
আৰু এখন দিওঁ মেললৈ যা॥
তিনি গধুলি তৰিছে, তাঁত।
উজুতিত ছিঙিছে পৈয়েকৰ দাঁত॥
তিনি ঘৰ-জোৱাইৰ মাটিত শগুণেও শ নাখায়।
তেলে-টেকেলিয়ে মিল। খলিয়ৈহে ভিন॥
তামোলৰ লগত নাখায় চূণ।
তাৰ তামোলৰ কিবা গুণ।
তিৰিৰ মেল, কলৰ ভেল॥ তিলকে তাল কৰ॥
তাঁতৰ চাৰি বাতি ব। কথা কোৱাদি ক’ব নোৱাৰ,
চোলোকত কোৱাদি ক৷ তিথিৰ মুৰত পানীচলু।
তিন্ দিনীয়া টেঙা-পঁইতা চাৰিদিনীয়া গাঁজি৷