পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১৩
ৰহৰহী

তিৰিৰ লেনিৱা, বৰষুণৰ কণিৱা।
ঘৰ চাই নকৰে মূধচ, তিনিওৰ মান নাই কুন্ধচ॥
তুলসীৰ লগত কলপতুৱাৰ মুক্তি।
তয়ো আল্লা, ময়ো মোল্লা। লগ পালো ভালা ভালা৷৷
তিনি মূৰীয়াত কথা সুধিবা।
তোমাৰ মৰমতে মৰোঁ। আধলি পাঁচোটা ভৰো॥
তোমাৰ মৰমতে মৰোঁ। খলিহনা মাছৰ এপিঠি খাই
এপিঠি তোমালৈ এৰোঁ॥ তেলীৰ মূৰত তেল ঢলা॥
তাল পৰিমাণে বাঢ়ে। তিল পৰিমাণে টুটে॥
তামোলত দিলা লঙ জাই, পাণত দিলা চূণ॥
কোন দিনা পাহৰিম তোমাৰ গুণ৷৷
তাহানিয়ে খালো টেঙা।
এতিয়াহে পালেহি জেঙা॥
তিৰিৰ চুটি, বাৰ্হনিৰ বুটি॥ তামোল আমোল-মোল॥
কৰপৰা আহিলি দেৱাচালি খোৱাটো,
তামোলৰ নাজান মোল৷৷
তিৰি পিয়নে, মুনিহ ৰণে॥ তিলকে তাল কৰ॥
তলত ফুটছাই, ওপৰে জাকে। এনে দুখত
বাই কোন থাকে৷৷ তলত খাল, ওপৰত জাল।
মোতকৈ ভনী তোৰ অলপমান ভাল॥
তই নাজান বুলি জগতে কয়। মাছ বাচিবলৈ
মৈদানখন লয়॥ তোৰ মুখখন আছিল অসুৰৰ খুৰ।
এতিয়াহে হ’লহি বুটি কোৰ॥ তোৰ মুখখন আছিল
কপি-দা চোকা। পচলাত মাৰিহে কৰিছ ভোটা॥


থৈ গলোঁ নৰীয়াৰ ওচৰত।
আহি পালো নৰীয়াৰ ওপৰত॥
থলত থল ৰজা। পোতা-পুখুৰীত বাকেই ৰজা॥
থোৰতে কথাষাৰ ঢাক। তিৰুতা বুলিহে মাকক
মাৰিলে, চকুত নাই অকণিও পাক॥