পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৩
ৰহৰহী

চোৰে নেৰে চোৰ পৰ্কিতি, শহাই নেৰে শৰ।
যিমানেই নদীয়াল চহকী নহক, নৈৰ কাষত ঘৰ॥
চকুত খোচ খাইছে। কান্দিবৰ মন গৈছে॥
চিত হৈ মাৰলি লেখে। দিনতে সপোন দেখে॥
চাওঁতে চাওঁতে চকু বিষাল।
নাই ভাত-পানী, হৃদয় শুকাল॥
চেনেহৰ সোঁতা। ধনে পানী-খোৱা তিনটা লোটা॥
চোৰক বোলে চুৰ কৰ। গৃহস্থক বোলে সাৰে থাক॥
চাৰি বেদ চৈধ্য শাস্ত্ৰ। খাব নাপালে দুপৰ মাত্ৰ॥
চিকাই কৰিলে চিক্। এড়িয়ে মুগাই যি লাগে
কৰিলে, জোঠা কাটিবলৈ শিক্॥
চ’তৰ বিহুলৈ ছমাহ আছে।
দাঁত চেলাই চেলাই পটুৱা বাচে॥
চাপি আহা চুমা খাওঁ। পেট ডাঙৰ ঢুকি নাপাওঁ॥
চিত পখিলা। আমাৰ তেওঁক ক’ত দেখিলা॥
চাকৰি নাই, বাকৰি নাই, গোঁফভৰা ওঁঠ।
জপৰ লগত সম্বন্ধ নাই, চন্দনৰ ৰঙা ফোঁট॥
চোৰ বুলিলেই ওৰ॥ চোৰ পোৰ মুখখনি॥
চকৰী আছে মূৰ মেলাই। চকৰা আহে গা ঘেলাই॥
চামৰু লতা। ভাত খাওঁতে পানী, সিও এটা কথা॥
চতৰ বিহুৰ চকলা। হাতেপতি বকলা॥
মাঘৰ বিহুৰ কঢ়াই, সাত-শতৰুকো দিয়ে গৰাই॥
চেলায় চামৰু লতা৷
গাখীৰৰ ধৰুৱাক ধৰি লৈ গ’ল গতাৰ উপৰি গতা।
চতৰ বিহুৰ জুলীয়া গুৰ। নিজেও নাখায়,
লোককো নিদিয়ে, দিয়ে নৰকত বুৰ॥
চিনৰ চাউল খায়, গা যায় সাৰি।
অচিনৰ চাউল খায়, তিনিও যুগৰ ভাৰী।
চোৰ বিদ্যা উত্তম বিদ্যা। ধৰা পৰিলে শিলৰ খুন্দা॥
চিন ভাই চিন। চিনিব নোৱাৰিলে হ ভিন্ ভিন্॥
চোৰক চোৰ বুলিলে খং। নিচোৰক চোৰ বুলিলে ৰং॥