পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০৪
জনকাব্য

চুঙা চাই সোপা। মানুহ চাই খোপা।
চহকীৰ নাও, বামেই যায়।
দুখীয়াৰ নাও, পানীতো নাযায়॥
চন্দা এটা, বোন্দা নটা।
বাটিবলৈ নাটে, গোজৰণিত পতাল ফাটে॥
চোৰে চায় ভঙা বেৰা। চকুত ধুলি মাৰ॥
চ’ৰা নাৱে ভৰা শ’লে। লুইতৰ কি গা বিষালে।
চেলোৱাকে চেলায়।
ফটা পিৰাত টিকা সোমাই একেবাৰে নেৰায়।
চোৰক মোৰে পালে। লোহাক মামৰে খালে॥
চিলৰপৰা আনি বিলত পেলালোঁ॥
চোতালৰ বন-গুটি। ঘৰত নপৰে মন-বুধি॥
কপাহ সূতা নকৰে তাই। নিতৌ মাকৰ ঘৰলৈ যায়
চোৰে নিয়ে লফা দাই। গিৰিহঁত মাৰে খৰলি খাই॥
চালে নাৰাখে, বাৰে নাৰাখে, নাৰাখে ত্ৰিদশৰ দেও।
গুৰু-ভকতে নাৰাখে মানে, ৰাখোঁতা নাই কেও॥
চিকাক মাৰিলে হাতহে গোন্ধায়।
চহকীৰ মিছা। শুনিবলৈ ইচ্ছা।
দুখীয়াৰ উচিত। শুনিবলৈ কুৎসিত॥
চাবতে চবকা, দলিমৰা জবকা, নাঙলতে ফাল।
সৰুজনী ঘৈণীয়েকে চৰটো মাৰিলে,
ছমাহলৈ বিষালে গাল॥ চেনেহে দোক্দোক্।
চৰুত ভাত নাই, শহুৰ গা ধোক৷
চকা বহিল পাটত। গিৰিহঁতনী উঠিল খাটত॥
চুৰ কৰি আনিলো এদোণ ধান।
সিন্ধিৰ মুখত ৰ’ল এড়ি কাপোৰখন॥
চোৰে চোৰে পিতল গঢ়। চোৱা চেলেক্॥
চূণৰ চৰুত হাত দি আহ॥ চেৰপেটী বেং॥
চেনেহৰ চুমাত নাকটি ছিঙ॥ চিলাই থাপ মাৰ॥
চিঞৰত গগন ফাল৷ চালে পানী কাট॥
চৰাইটি হৈ ধানটি নোখোট॥ চিলিম ছিগ॥