পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
জনকাব্য

ঘৰ চাবলৈ জৰী। বিয়া চাবলৈ কড়ি॥
ঘহন্তি পিহন্তি খুড়া মাজন্তি।
তুমি কি কৰিব খোজন্তি আমি জানন্তি॥
ঘন ছাতি উত্তম ঢাল॥ ঘনাই খুটিলে শিঙৰাও মাছ।
ঘনঘনকৈ দিবা আলি। পৰ্বতৰ টিঙত কৰা শালি॥
ঘৰতো নাহিলো খাই। পৰতো পাবলৈ নাই।
ঘনমুৰী আহু। তলমুৰী শাহু॥
ঘোৰা ইচ্ছাই ঘূৰী। বিশ্বকৰ্মাই থৈছে যুৰি॥
ঘৰ চাই দিওঁ বুলি খেৰো নদলিয়ালি॥
ঘনচিৰিকাই ৰাজহাঁহৰ বুলন ধৰ॥
ঘোৰা নৌ ঘাটোতে চাবুক ঘটিবলৈ যা॥
ঘৰ গুচি বাঁহতল॥ ঘৰৰ ল’ৰা ঘৰলৈ আহ॥

চিকুণ শ্যাম। পানী আনোতে ওলাল ঘাম।
চল পালে চাপৰি। চাপৰি যোৱাই কুজা।
চন্দৰতে চন্দৰী, ওঁঠত লাগিল সেন্দুৰ।
গাৰ গোন্ধত মৰিছে ওঠৰটা এন্দুৰ॥
চোৰ গ’লে বুধি। বৰষুণ গ’লে জাপি॥
চল পালে বিয়নি। নিতউ তিয়ায় তিয়নি।
চৰণেহে জানে মৰণৰ ঠাই॥
চৰু-ছোৱা কুকুৰৰ টাঙোনেহে গতি।
চোৰে নেৰে চোৰ পৰ্কিতি কুকুৰে নেৰে ছাই।
যাৰ যি পৰ্কিতি মৰিলেও লগত যায়॥
চুৰ কৰি ভগাই খা। কাটি মাৰি গঙ্গালৈ যা॥
চোৰেহে চোৰৰ ঠেং দেখে॥
চোৰে নিয়া গৰুৰ বাটে বাটে ঘাঁহ।
চহাই বেহা শিকিলে। ৰাতিকে দিন যেন দেখিলে॥
চকুৰ আঁতৰেই মনৰ আঁতৰ॥ চাপৰিলে মেঘ নেৰায়॥
চোৰক মোৰে পালে। তাতীকো বৰলে খালে॥
চৰাইটিহে সৰু। লয় হোলোং গছত বাহ॥