পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৭
ৰহৰহী

খাই যাওঁ এখন, পেলাই যাওঁ এখন, থোপাত
চাৰিখন শুকায়। নাখালেও নোৱাৰোঁ।
খোৱা মানুহটো, বছৰেকত তামোলটো ঢুকায়॥
খুজি আনি বিলাই খায়। হাতে হাতে স্বৰ্গ পায়॥
খুজি আনি কৰিবা দান। তেহে পাবা বৈকুণ্ঠ স্থান॥
খৰ ৰান্ধনী, খৰ বাঢ়নী, পৈয়েক লঘোণে যায়।
ওদা ৰান্ধনী, ওদা বাঢ়নী, পৈয়ে তিনিসাজি খায়॥
খুদ মগনিয়াৰৰ কুকুৰ শতুৰু॥
খোৰাৰ খোজেপতি অপৰাধ॥
খুৱাইছো হাতী যেন। শুকাইছে মাখি হেন।
খাই-বৈ হলো শকত। কলৈ যোৱা কেঁহাই ভকত॥
খালো যেন তেন কৰি। উঠো কাৰ গাত ধৰি॥
খাই উঠি খাবৰ মন। তাকে বোলে ৰাক্ষস গণ॥
খাবৰ সময়ত শুবৰ চিন্তা। খাবলৈ পালে শোৱা॥
খাই ল, খাই ল, নৌ শাহুৰীলৈ যাওঁতে।
শুই ল, শুই ল, নৌ পো-জী পাওঁতে॥
খৰ হ’লে খৰিয়াল, ওদা হ’লে ভাগে।
জুতিয়ে-বুধিয়ে পৰিলে সদৌতে লাগে॥
খাব-নোৱৰাৰ পাতত ৰৌ-বৰালী।
খাৱৈয়াৰ পাতত কাঁইট দুডালি॥
খাতী বহতী তই। লগত মৰতী মই॥
খচখচকৈ কাটিছা গুৱা। তুমিনো আমাৰ কি হোৱাঁ॥
যাওঁ মাটি-ঘৰত। শোওঁ চাং-ঘৰত॥
খুচুৰ-মুচুৰ খানা গাতা। কলৈ যোৱা শিয়ালী আতা॥
খেটোৱে দিয়ে উচটাই, খেটোৱে দিয়ে তুলি।
পাচীয়ে পাচীয়ে ধন ভৰে, ৰজা হওঁ বুলি।
খুৰ হ’লে চাঁচে। ল’ৰা হ'লে পাঁচে॥
খালেহে জানে ফুল তিতা নে মধুৰ। গ’লেহে জানে
পথ দূৰ নে বিদূৰ॥ যুজিলেহে জানে কাৰ কিমান
বল। নামিলেহে জানে নদীত কিমান জল॥
খাবলৈ লাগে দুধ-ভাত। খাব নোৱাৰিলে উৎপাত॥