পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৮
জনকাব্য

খোজনীয়া ভকতৰ কিহৰ আটিমুটি।
খঙৰ দুখীয়া কেও নাই॥ খাটনি নে লোটনি॥
খোৰাৰ ঠেঙ্ খালত॥ খাই পাত ফলা॥
খুৱাই-বুৱাই কোলাত লম, তেওঁ বুলিব ‘তাই’।
মাৰি-ধৰি বাটত থম, তেওঁ বুলিব ‘আই’॥
খাগৰিজানৰে বঙাল। অপইতা বাঁহৰ টঙাল॥
পুঠি মাছৰ পোৱালি, তয়ো এজনী ছোৱালী॥
সৌৰা গছৰ মূঢ়া। তয়ো এটা ল’ৰা॥
দত বগলি বামত গছ। কিয় জোকাৱ অগিয়ানৰ সচ
খাবলৈ নাই কণটো। বৰ সবাহলৈ মনটো।
খালৰ পানী বাঁহপাতে শোহে॥
খা ভাত খা গোফৰ যহত॥
পাত পেলাওঁতে পাহৰ গোফৰ মহৎ॥
খাৰে-উখোৱায় দুখনি খাবাঁ।
বুঢ়ায়-ঠেৰায় দুহালি বাবাঁ॥
খাবৰ পৰত সাত ভাই। কৰিবৰ পৰত কেও নাই॥
খোৱা আবুৰ, শোৱা আবুৰ॥ খৰলি খাই মৰ॥
খৰা দা জোকাৰ॥ খুটি খাব পৰা কৰ॥
খায় নে কাণত পিন্ধে॥ খত-বান্ধ দি ধৰ॥
খঙত একো নাই হ॥ খঙে মূৰৰ চুলি পা॥

গড়গাঁৱৰ পিছল বাট। বুঢ়াকো নিচিনি,
ডেকাকো নিচিনি, হতেপতি লাখুটিপাট॥
গৰু মৰিল। পোক সৰিল॥
গপত মৰিল গজ হস্তী, ফোপাউৰিত মৰিল গোম।
শৱ খাওঁতে শগুন মৰিল, আজুৰি মৰিল ডোম॥
গাত নাই ছাল-বাকলি। মদ খায় তিনি টেকেলি॥
গাত নাই বল৷ নাও সোমায় জোপাৰ তল॥
গাত নাই কাপোৰ-কানি।
চুতীয়া শালিকাই লৈ যায় টানি॥