পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৬
জনকাব্য

কুকুৰ টোপনি॥ কুকুৰে কাঁহট নোখোৱা কৰ॥
কুঠাৰে চিৰা৷৷ কান্দোনত গছৰ পাত সৰা॥
কাণকটা, কাণনি-নাকনি, কাণে কাণমাৰিয়ে সাৰ॥
কাঠৰ কঠুৱা, কাঠৰ পুতলা, কাণ-সৰালি মাৰ॥
কাঁহ পৰি জীণ যা॥ কড়াই খোলাত দে॥
কলতলে বাঁহতলে ফুৰ॥ কলখোৱা ধাতু ওলা॥
কাউৰী শগুণে নাখা। কলীয়া পানীত মেল॥

খায় মহাৰজা গুণ হব।
নাখায় মহাৰজা ধৰম নো কলৈ যাব॥
খাবলৈ নোহোৱাৰ পেট ডাঙৰ।
পিন্ধিবলৈ নোহোৱাৰ কঁকাল ডাঙৰ॥
খাই কাৰশলা ডালত উঠিল।
কাঠি চেলেকাৰ মৰণ মিলিল॥
খন পেলাই খন খাওঁ। বছৰেকত তামোলটো ঢুকুৱাওঁ॥
খঙত পেট কাটি ছমাহলৈ শুকনি খায়।
খন্তেকৰ ভোজ খাওঁতা নাই॥
খাওক ভকতে, ঢুকাওক লগতে।
খাবলৈ নাপালো জহা ধানৰ ভাত।
শুনিবলৈ নাপালো অমাতৰ মাত॥
খাইছে আখৈয়া গোম। ধান দিছে এদোণ॥
খাবৰ-লবৰ যাৰ মন। বহোঁতেও আজোৰে বন॥
খাবলৈ দাম-দুম, কৰিবলৈ গৰিয়া।
পিন্ধিবলৈ লাগে আঁচুৱলীয়া চুৰিয়া॥
খায়ো খাওঁ কেটুটি, লৈয়ো যাওঁ কেটুটি,
আহি যেন কেটুটি পাওঁ৷৷
খকুৱাই পাত কাটিব যায়, নিখকুৱাই মাটিতে খায়৷৷
খাব জানিলে চাউলেই চিৰা।
বহিব জানিলে মাটিয়েই পিৰা॥
খং নামে চণ্ডাল৷৷ খুটি পুতি উজুটি খা॥