পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৩
ৰহৰহী

কুচ কুচ্ কৰে খজুৱাই কচুৰ মুঢ়া।
কথা নাকাটিছে কটাৰি বুঢ়া॥
কিয় কৰ অগিয়া-বগিয়া। ৰূপ এটকা দিবই লগীয়া॥
কি কৰি মৰিলো চাপনীক চপাই।
ডাৱৰীয়া বাদলীয়া কিলাবলৈ নাপায়॥
কটাৰী নালৰ সীমা। এমুখে উলিয়াই
পো-পোৱালি, এমুখে উলিয়াই ডিমা॥
কাঠৰে বিৰলী হওক। এন্দুৰ মাথোন মৰক॥
কি বস্তু? মৰা শাক।
লোণ নোহোৱাকৈ খাওঁ তাক॥
ক’ৰ পৰা আহিলি শাখিনী তেজা।
আহিয়েই ভাঙিলি ঘৰৰ সেজা॥
কাতিৰ বিহু কঙালি, মাঘৰ বিহু ভোগালি,
বহাগৰ বিহু ৰঙালি॥ কিঞ্চিত হক, বঞ্চিত নহক॥
কাটক নাকাটক লোৱে।
পোহক নেপোহক পোৱে॥
কল তলে বাঁহ তলে থাক। কচু শাকৰ ভেটি দে॥
কাতিমহীয়া নাকাটিলে সুত।
ষোল্ল বছৰলৈ নাসাধিলে পুত॥
কেঁচুৱে এবাৰ গাঁত এৰিলে ঘূৰাই পাবলৈ টান॥
কচু হ’লে খজুৱায়। ল’ৰা হ’লে নচুৱায়॥
ছোৱালী হ’লে পাঁচে। খুৰ হ’লে চাঁছে॥
কচুত কটাৰি ভাগিল। মোৰ গাত জগৰ লাগিল॥
কুকুৰে যিমানেই কামোৰক তেওঁ আঠুৰ তল॥
কোনো কালে কদাচিত। বামুণ মৰিলে পৰাচিত॥
কুটকুৰা চুলি, খজুৱাবৰ গুৰি।
কণাৰ কি দিন-ৰাতি। নগাৰ কি সংক্ৰান্তি।
কুকুৰৰ নেজত ধৰি গঙ্গা পাৰ হ॥
কুঁহিয়াৰ কাটি যাওঁ পাবত। এজনী আনি যাওঁ
ধনে বিয়া কৰি, এজনী আনি যাওঁ লাভত॥
কেৰ্কেটুৱাই তামোল খায়। নেউলক বান্ধি কিলায়॥