পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯৪
জনকাব্য

ক বুলিব নাজানে, ৰত্নাৱলী পঢ়ে॥
কানীয়াই কানী খায় কড়াইগুড়িৰ লোভত।
দীঘলকৈ হোঁপা মাৰে ঘৈণীয়েকৰ আগত॥
কথাৰ মূৰত বটা পায়। কথাৰ মূৰতে কটা যায়॥
কি কথা কোৱা লহৰ-পহৰ।
মুকুটি মাৰি দিম ঠহৰ-ঠহৰ॥
কালৈ কৰি যাম ডৰ। আটিমুটিকৈ খোপাটো বান্ধি
যাম, গধূলিকৈ সোমাই যাম ঘৰ॥
কিহত কিটো হ’ল। বিৰিঙা মূঢ়াত টিকাটো মচি
সিকিটোত টকাটো গ’ল॥
কাৰ ধানখুন্দা খাওঁ, কাৰ পানী অনা খাওঁ। দলি
চপৰাত টিকাটো মোহাৰি দোলাত যোৱাদি যাওঁ॥
কি আছিলোঁ, কি হলোঁ। মায়াত পৰি মুগ্ধ হলোঁ॥
কচুপাতৰ পানী টলবল কৰে, পৰিলে পাবলৈ নাই॥
কব জানে যি, ৰব জ্ঞানে সি॥ কব লাগে মহাদেউৰ
কথা। কয় ভগা লাওৰ কথা॥
কমাৰৰ ঘৰৰ বুঢ়া দা, কুমাৰৰ ঘৰৰ ভগা চৰু।
হিৰাৰ ঘৰত ভগা হাড়ি, চহকীৰ ঘৰত ভগালৰু॥
কথাখিনি কয় ভাল। ৰাতি লিগে ফটাজাল॥
কুঁহীৰ মূৰা মুনিহে নাখায়, মাজ ডোখৰ লাগে
মোকে। ফিচা ডোখৰ আছে যাচি চাম,
খায় নে নাখায় লোকে॥
কথাত নহয় বাদী। ঢেকীয়ে মৰে চাউল কোবাই,
কতৰাই মৰে কান্দি।
কল্পতৰু বৃক্ষ সবাতে সমান।
মাগন্তাজনক দিয়ে ফল দান॥
কথাৰ নাই নাও। আহাঁ বৰডেকা ভোজলৈ যাওঁ॥
কোৰ শালোতে মাহৰ বতৰ গ’ল॥
কোন কপালত সধিম। পোৰ বিয়া পাতিম॥
কাৰ বাপেকক ডৰ৷ মথুৰাপুৰত ঘৰ॥
কৰিব নোৱৰাৰ বৰ কথা। খাব নোৱৰাৰ বৰ হেঁটা॥