পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯২
জনকাব্য

কাঁজীৰ টিকাত পাঁজী।
অকাজীৰ টিকাত মুগাৰ মেখেলা, যায় খম্ খম্ বাজি॥
কথাৰ মাজত কানি। ৰূপহী ধানৰ আগ তল গ’ল,
গুৰিয়ে নাপালে পানী॥
কোন কিমানৰ কাজী। ধেনু ভিৰালেহে আজি॥
কলীয়াবৰীয়া মাকো। দিব নোৱাৰো খাব পাৰোঁ,
হোৰাষা-হোৰোষে বাকোঁ৷ কোৱাৰপৰা বগলৈ গ’ল।
ধোবাই ধোৱা কাপোৰ যেন হ’ল॥
ক’ত পাম লোটাটো, ক’ত পাম বাটিটো, ক’ত পাম
পিতলৰ বঁটা। কাইলৈ আহিব ফটুৱাই ফটাটো
ক’ত পাম কঠালৰ এঠা॥
কটাৰী শিলিখা লৰিল। বুঢ়াৰ জেউতি চৰিল॥
কেনেটোৱে কেনে কৰে।
আউনি পাণেৰে মেলখন তৰে॥
কব জান কাণী। কঠিয়াতলিত বৱ শালিধান,
বোৱাব নাজান পানী॥
কি ক’ম বিয়নি, দুখন চালৰ ঘৰ৷
দাঁত নিকটাই পৰি আছে, তাকে বোলে জ্বৰ॥
কুঁহিয়াৰ চিকুণ মুগী। কথাৰ চিকুণ যুগী॥
মাছৰ চিকুণ নেৰিয়া। মানুহৰ চিকুণ বৰিয়া॥
কিলো খাবা, নাৱো বাবা। সেই নাৱত উঠি যাবা॥
কলঙৰ কাষৰি। কতক কেলকেলাৱ চটাই পাখৰী॥
কান্ধত ম’হৰ পীৰা, কুচিয়াটো ঘোক বুঢ়া॥
কথাৰ নাভাঙে থোৰ,
আদখিনি তোৰ আদখিনি মোৰ॥
কথিলেই কথা, মথিলেই ঘিউ।
ভাতত দিয়া হাঁহকণীৰ কেনি যায় জীউ॥
কহয় মাধৱ দাসে। মানুহে মানুহে আছে॥
কাহানি আহিলা? কালি। টিকাৰ ওপৰত
হাঁচতি বান্ধি লৈ চোবাই যাওঁ ডিমৰু চালি॥
কাপ কাঠি পাত। তেহে চাবা আখৰৰ জাত॥