পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৬
জনকাব্য

এক পুৰুষত গৰু খায়। সাত পুৰুষলৈ নাম যায়॥
এচৰু ভাতৰ এটি পিতিকিলেই গম পায়॥
এবাৰ মৰিয়েই তিনিজনী তিৰুতাৰ মন বুজা॥
এক তিৰিৰ পৈ লোদোৰ-পোদোৰ। দুই তিৰিৰ গাঁতৰ এন্দুৰ॥
তিনি তিৰিৰ নাপায় ভাত। চাৰি তিৰিৰ মূৰত হাত॥
এবুৰি ছ-অঁৰা ভৰ॥
একোটা বাঁহৰে জাপি বাঢ়ণি। একোটা বাঁহ
বাঢ়নিৰো অযোগ্য। এহেও নাই, তেহেও নাই॥
এনে ভকতৰ বল। নি মৰিব, খাই তৰিব,
যেনে ধৰমৰ ফল॥ এখনি তাল নাবাজে॥
একত বিশ্বাস, দুইত মেল। তিনি হ’লেই চেলবেল।
এদিন হাঁহিবা, এদিন কান্দিবা। এহাতলৈ চোঁচ॥
এক চাৰি ঘৰ, এক চাৰি বৰ॥
এন্নাৰ ঘৰকইনা,বেন্নাৰ বেৰা। তাত বহি গণ কইনা
স্বৰগৰ তৰা। এশখন মুখেৰে ক॥
এচকুৱে তেল বেচা, এচকুৱে পানী বেচা॥
এশ গৰু মাৰিলে বাঘৰো মৰণ॥
এচৰু কচুশাকত এজেবা লোণ॥
এক বুঢ়ী দুই কাম। ধান বানে, চোহে আম॥
এহাত কাঠ, বাৰহাত ডাঠ। তিনি শ তিনি কুৰি
যতৰ-যতৰী। দুটা ভীম, এডাল কাতৰি॥
এডেও দুডেও। এইহে লোটা নিবৰ ছেও॥
এক কলো দেখি। এক কলো লেখি॥
হাঁ-দৈ বোলোতে ওলাল হাৰডাল।
এতিয়াহে পালেহি বুঢ়া ফৰিঙাৰ মৰণৰ কাল॥
এচাৰিত টিকটিকায়, নাঙলত সেও।
একুৰি এটা পিঠা খালে, নাজানিলে কেও॥
একঠা, খোৱাই দুকঠা ৰান্ধিলে, শুকতি দিছিল
ভাতত। এৰে এৰে বুলি বাট চাই আছিলো,
এটিও নেৰিলে পাতত॥
এবাৰ সাপে খুটিলে লেজুলৈকো ভয়॥