পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৫
ৰহৰহী

কিলাবলৈ আহিছে ঢেকীথোৰাটো লৈ॥
এহাতৰ হুল, দুহাতে কাঢ়িব লাগে।
এঘৰৰ পাটনাদ, এঘৰৰ জৰী।
এঘৰে পানী তোলে ঘটং ঘটং কৰি॥
এক বৰাই খায় ধান। এক বৰাই খায় হান॥
একে আহিনে ধান। তিনি শাওণে পাণ॥
এক দেৱ, এক সেৱ, এক বিনে নাই কেৱ।
এটা নিগনিৰ সাতখন পাম॥ এৰি দি বেৰি ধৰ॥
একে গছৰ পাণ, সি কি হ’ব আন॥
এৰাই খালে টোপ। নেঘেৰীৰ গাত লাগিল খোপ॥
এইবেলি বানেহে বান। বাৰীৰ ভালুকা কাটি,
ওখকৈ চাঙ পাতি, তাতেহে থৈ যাম ধান॥
এইবেলি কেনেকৈ তৰোঁ। বাপাৰ মাকে টেঙা শাক
ৰান্ধাগৈ, কোনোবা ক’ৰবাত মৰো॥
এন্দুৰৰ কি সেন্দূৰ। নগাৰ কি গোন্ধ তেল॥
কুকুৰৰ কি তাম-তুলসী, বেটীৰ কি পভুৰা লৰা॥
এঠাইত কাটিলে সাত ঠাইত গজে॥
এইবেলি শেনৰ এজাত॥ এক গাঁৱৰ, এক মাৱৰ॥
এহাত কাপোৰৰ দুহাত দহি। কেহেলৈ যোৱা
ফোপজহি॥ এই ওনা দেলে॥
এড়িয়া কাপোৰ তিয়াই, তোমালৈ আছো ধিয়াই।
এঠাইত লাগে এঠাইত নালাগে সতৰামৰ নাঙল।
এখন ফলিয়ায় এখন নফলিয়ায় বাইলুঙনীৰ মঙ্গল॥
এসাজ খায় এসাজ নাখায় ন চহকীয়ে লোণ।
সাত কঠাতকৈ সৰহ নাখায় চাপৰিয়ালৰ দোণ॥
এঙনিতে জেঙনি লাগিল। ইজনে সিজনে যি বোলে
বোলক, আমাৰ কিহত লাগিল।
এটিঙ আছে এটিঙ নাই, নদীয়ালৰ নাও।
পুৱা-গধূলি হাই নুগুচে, নদীয়ালৰ গাঁও॥
এগাল বাচে, এগাল খায়, নদীয়ালৰ চিৰা।
এঠেঙ আছে, এঠেঙ নাই, নদীয়ালৰ পিৰা॥