পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৭
ৰহৰহী

এলাতকৈ চেলাৰ বিষ টান॥
এহাতৰ হুল দুহাতেও কাঢ়িব নোৱাৰি॥
এন্দুৰে মাটি খনা, ঘৰতে কথা হোৱা॥
এফলীয়া ভাৰ। ভাঙে কামিহাড়।
এনেই উৰ্বসী তাতে, দিছে দুৱাৰে বাটে॥
এক বামুণৰ লোটা। সাত বামুণৰ জোটাপোটা॥
একে গছৰ তামোল। বেল্টি পৰিল বামুণ॥
এদোন বৰা। শাহুৰ লৰা-চৰা, বোৱাৰী আধামৰা॥
এডালি কাটিলো বেতেও-তেও৷ তাৰে বান্ধিলো
বোন্দা মেও॥ এডালি কাটিলো সোঁ-মাজ ৰাতি।
তাৰে বান্ধিলো দঁতাল হাতী। এডালি কাটিলো সৰু
তাৰে বান্ধিলো দমৰা গৰু॥ উনৈশত বা বলা॥
ঐদেহি বৈদেহি গা॥ ঐয়া হৈয়া কৰ॥

ও, ঔ

ওদা দেখি চোৱা যাচে॥ ওফন্দি গঙাটোপ হ॥
ওজাৰ ঘৰৰ বোন্দায়ো ৰাগ দিয়ে! ওজাৰ নাকত খৰ।
ওলাই দেখিবা যাক। শত্ৰু নাভাবিবা তাক॥
ওজা লগা বিদ্যা, পাখি লগা কাঁড়।
ওৰকতে ভোৰক। কেৰোলাটো সুমুৱাই দিয়া,
বেঙেনাটো পোৰক॥ ওঁঠ চেপিলে পিয়াহ ওলায়॥
ওপৰ মাতোতাৰ বাটত ঘৰ। আহোঁতে লাঠি,
যাওঁতে চৰ॥ ওঁঠৰখন মুখেৰে ক॥
ওঁঠে তিতা, দাঁতে লোণ, কৰ্ণে কচু , নাভিত তেল।
সেই ঘৰ গৃহস্থৰ তালৈ বেজ গ’ল বা নগ’ল॥
ওৱাক নিন্দে কোৱাই। পুঠি-খলিহনাক নিন্দে
ভেৰপেটী মোৱাই॥  ওঁঠৰটা নামি দে॥
ওৰণীয়ে-বাৰণীয়ে দেখিবলৈ ভাল।
ওৰণীখন গুচালে ওফোন্দা গাল॥
ওলা নাৱৰ বোলা বঠা। ভটিয়াই যামগৈ।
জোনাক নিশা॥ ওভতাই মোট চেলা॥