পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮২
জনকাব্য

আইৰ কুৰ্ম্মা ঢেকুৰা। তিৰিৰ কুৰ্ম্মা বপুৰা॥
আমাক নিদিবা দেখা। আমি ধৰো অনেকটা ভেষা॥
আদা বেপাৰীৰ কি জাহাজৰ ভু।
আদাক দেখি উঠিল গা।
কেটুৰীয়ে বুলিছে মোকা খা॥
আহে বোৱাৰী এমুঠি ক্ষয়। নাহে বোৱাৰী এমুঠি ৰয়॥
আবেলি আবেলি বৰষে দেও।
তেহে চাবা পানীৰ ছেও॥
আদা চুৰুণী বাই। মনে উদগুদায়॥
আষাঢ় গ’ল, শাওণ গ’ল, ভাদৰ পৰিল পখ।
লৰালুৰি চাপি আহ, খেতিৰ কওঁ লখ॥
আলেকৰ পালেক। কুকুৰাচোৱাৰ ভাগিনীয়েক॥
আলাহত নাকাটে চুলি।
লোকে মাতে সন্ন্যাসী বুলি॥
আক দেখি তাক। বৰ কাপোৰৰ দীঘল দহি,
তামেৰে বন্ধালে নাক॥
আটাইতকৈ আগ হৰিকথা,
তাতোকৈ আগ চাউলকঠা॥
আধি মাটি মৰকিয়া হাল।
তাকে নকৰি বহি থকাই ভাল॥
আগ নুগুণে গুণ পাছ।
লোভত মনে বৰশীৰ মাছ।
আন্ধাৰত তৰিছোঁ তাঁত। ফুৰি থৈ আহোঁগৈ মোৰ
ধনৰ চুবুৰীত, লগাই থৈ আহোঁগৈ মাত॥
আলাগী লাগিল গলত। পৈ-সুৱাগী কান্দিব লাগিছে
কোটাহী বেঙেনাৰ তলত॥
আটাইতকৈ অশুচি বামুণৰ ভাত।
তাতকৈ অশুচি নাপিতৰ হাত॥
তাতকৈ অশুচি নদীয়ালৰ নাও।
তাতকৈ অশুচি তিৰিৰ পাৱ॥
যাচি দিলে শুচি বামুণৰ ভাত।