পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮১
ৰহৰহী

আঁতৰত বৰ কথা। ঘৰত হ’লে ফটা কঁঠা৷৷
আয়ে বোলে লাহৰী ঐ! বোপায়ে বোলে লাহৰী ঐ!
কটাৰ পো হজুৱাই খৰি কাটি নিদিলে,
বাঁহপাতে কাটিলে গা॥
আইৰ সমান হ’ব কোন। নৈৰ সমান বব কোন৷৷
আগল, পাগল, ছাগল।
এই তিনিয়ে কৰে ব্যাধি পাগল॥
আচুতত নিদিবা হাত।
লৰালুৰিকিটা লঘোনে নথবা, দিবা গধূলিতে ভাত৷৷
আটাইতকৈ তিতা নেমুটেঙাৰ পাত।
তাতোকৈ তিতা মাহী আইৰ মাত৷৷
আনৰ আন চিন্তা। বুঢ়ী বামুণীৰ দুখন কাণৰ চিন্তা।
আলহীয়ে বিচাৰে শাকত লোণ।
ধান কিনোতাই বিচাৰে সাত সেৰীয়া দোন॥
আহোম টেলেঙা ডোম ভেলেঙা হিন্দুৰ ঘন ঘন গাঁঠি॥
আগত ইচ্ছাই গোৰ। ঢেকিয়া ইচ্ছাই থোৰ॥
আহক নাহক বৰ। সেওঁতা ফালি মৰ॥
যেতিয়া আহিল বৰ। কন্যাৰ উঠিল জ্বৰ॥
আগেয়ে আছিলোঁ দোৱেনী-মোৱেনী,
গোৱালে বুলিছিল আই।
এতিয়া হলোঁ নেজ-গুবৰী, পালতো নিদিয়ে ঠাই॥
আগেয়ে আছিলোঁ লাগী। ভাল খাইছিলো বাছি।
এতিয়া হলোঁ চেৰেলী গাই। জাকতো নিদিয়ে ঠাই॥
আগেয়ে আছিলোঁ ভাটীত।
চুণ-ধপাত আছিল গাঁঠিত।
এতিয়া হলোঁ উজনীয়া। মুখখন হ’ল খোজনীয়া॥
আগেয়ে নাহিলা আগবাঢ়ি। কাৰ পৰা দিম কাঢ়ি॥
আছোক লাভ লোভতী। মূলৰো হ’ল হতাহতি॥
আই মৰিলে বোপাইক ক’ম।
বোপাই মৰিলে কাক ক’ম॥
আহিছে চাপনী। গুচিব আপুনি॥