পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮৩
ৰহৰহী

ধন দিলে শুচি নাপিতৰ হাত॥
কৰ্ষাল দিলে শুচি নদীয়ালৰ নাও।
শয্যাত শুচি তিৰিৰ পাৱ॥
আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰাভঙ্গ॥
আভোকৰ ন-মুঠি॥ আকাশী চৰগ ভাগিপৰ॥
আলিবাটত চালি ধৰ। আশাত নিৰাশ কৰ॥

ই, ঈ, উ


ইকাণ, সিকাণ, সহস্ৰ কাণ।
ইন্দ্ৰৰ সভাত ফেঁচাৰ কুৰুলি॥
ই ডালত ছমাহ, সি ডালত ছমাহ।
মই নো বান্দৰী জীম কেইমাহ॥
ই দেও, সি দেও। এইহে লোটা নিবৰ ছেও॥
ইমানতে সিমান! বাণিজ্যলৈ গ’লে বেহাবি কিমান॥
ইপাৰে আটি-মুটি। সিপাৰে মহ-খুটি॥
ইজনমতে তিনি জনমৰ বিচাৰ॥
ইয়াতে থাকিবা ৰৈ। এখনি হাঁচতি আহোঁগৈ বৈ॥
ঈশ্বৰে যি কৰে ভালকৈহে কৰে॥
ঈশ্বৰৰ হ’লে লীলা। মনিচক ধৰি বান্ধি কিলা॥
উদৰ মুখত শালপোনা॥ উদক ভেটাৰখীয়া দে॥
উৰি গ’ল কতীয়া কপৌ, খেদি নিলে শেনে।
একে কাঠি কাঁড়ে সাত ঠাই ভেদিলে,
ই কথা হৈছে কেনে॥
উঠতীক বহতীয়া পাঁচে।
শুই থকা জনী বাৰুকৈয়ে আছে৷৷
উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খাই।
বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই॥
উদৰ ভৰিবা গুণি গুণি। তেহে পাবা উদৰ উনি।
একেলগে উদৰ দিলে ভৰা৷
আছোক জীয়া ছাৰি, দেহৰ আশা এৰা॥
উলুৰ বৰ চৰি, নদৰ মোচৰ।
মাক নোহোৱাকৈ জীয়েকৰ ষোল্ল বছৰ॥