পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬১
পুতলি

খলিহৈ জনম  ধৰ তই, পাগলী,
  তোক বাৰী চুকত পেলাম।
মোকে বাৰী চুকত  পেলা তই, পগলা,
  বাৰীৰ বৰ গছে হম॥
বাৰীৰ বৰ গছ   হৱ তই, পাগলী,
  তোকে নাৱ কাটি বাম।
মোকে নাৱ কাটি   বাৱ তই, পগলা,
  মাজতে বুৰাই পেলাম॥
জৰাৰ কুমলীয়া   পাতে ঐ পগলা,
  জৰাৰ কুমলীয়া পাত।
এৰাওঁ এৰাওঁ বুলি  এৰাব নোৱাৰোঁ,
  তোৰে কুমলীয়া হাত॥

(ল’ৰা ওমলোৱা নাম)

তাই, মাই, লোণে-মাছে ভাত খায়।
বৰ ঘৰৰ মেকুৰি সৰু ঘ’লৈ যায়॥
ঢাকোন পেলাই পঁইতা খায়।
এইটো তই খা। এইটো মই খাওঁ।
এইটো ঘৰ-ৰখীয়া বুঢ়ালৈ থক॥
(হাতখন মুঠি মাৰি, আকৌ মেলি)
‘ঘৰ ৰখীয়া বুঢ়াৰ ভাগ কোনে খালে?’
‘তই খালি বুঢ়া?’ —‘নাই খোৱা, দেউতা!’
‘তই খালি বুঢ়া?’ —‘নাই খোৱা দেউতা!’
তেনেহ’লে ঘৰ-ৰখীয়া বোন্দাইহে খালে॥
বৰ ঘৰৰ মেকুৰী সৰু ঘ’লৈ যায়।
ঢাকোন পেলাই পঁইতা খায়॥
ভাকুট্‌-কুট্‌! ভাকুট্ কুট্‌!!

উকুলি-মুকুলি দুকুলি কাঁহী।
আদৌ-দৌ ডোমৰ ডাহী॥