পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
জনকাব্য

 আমপাতে চাম যায়।
 কঠাল পাতে হুৰহুৰায়॥
 কি কি চৰাইৰ কি কি নাও
 সোণৰ চৰাইৰ নাও পাওঁ॥
 বুঢ়ী-মাজী কঠাল পাত।
 এইখন এৰি এইখন কাট্॥
চূণটি, পাণটি। ৰজাৰ ঘৰৰ ভুকুটি॥

‘এইটি কাৰ দৌল?’— ‘ৰজাৰ৷’
‘ভাঙিবলৈ দিয়ে নে?’—‘নিদিয়ে৷’
’কলীক মাতিম নে?’—‘নামাতিবা৷’
‘বগীক মাতিম নে?’— ‘নামাতিবা৷’
কলী ঔচ্‌! বগী ঔচ!! ঘেকেচ্‌!!!

‘বগলী ঐ! তোৰ হাত কিহে নিলে?’
‘আম পাৰোঁতে আমে নিলে।’
‘সেই আম কি হল?’ — ‘হাবিত পৰিল।’
‘সেই হাবি কি হ'ল?’ — ‘জুয়ে পুৰিলে।’
‘সেই ছাই কি হ'ল?’— ‘ধোবাই নিলে।’
‘ধোবাই নি কি কৰিলে?’ —‘ৰজাৰ কাপোৰ ধুলে।’
‘সেই ৰজা কি হ'ল? —‘পহু মাৰিবলৈ গ’ল।’
‘সেই পহু কি হ’ল?’— ‘নৈ পাৰ হল।’
‘সেই নৈ কি হল?’ — ‘শুকাই গ’ল।’
‘তাৰ মাছ কি হ’ল?’— ‘বগলীয়ে খালে।’
‘সেই বগলী কি হ'ল?’— ‘ডালত পৰিল।’
‘আমাৰ আটাইৰে হাত ওলাই পৰিল।’

অলৌ গুটি, টলৌ গুটি, কচু গুটি লাই।
এইখন হাতৰ গুটিটো এইখন হাতে পায়॥

বগলী এ'! সবাহলৈ নগলি কিয়?
গৈছিলোঁ গৈছিলোঁ; বাটত বৰষুণে পালে