পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬০
জনকাব্য

কুঁচিৰে লগতে  পগলাই কিলাব,
 যাওঁ আইৰ ঘৰলৈ গুচি॥
মাৰৰ ঘৰলৈ  যাৱ তই, পাগলী,
 বাটত খাপে দিয়ে ধৰিম।
বাটত খাপে দিয়ে  ধৰ তই পগলা,
 হাবিয়ে পলাই সাৰিম॥
হাবিয়ে পলাই  সাৰ তই, পাগলী,
 হাবিত জুয়ে লগাই দিম।
হাবিত জুয়ে লগাই  দিয় তই, পগলা
 ধোঁৱাৰে লগতে উৰিম॥
ধোঁৱাৰে লগতে  উৰ তই, পাগলী,
 হাঁকুটি জোৰায়ে ধৰিম।
হাঁকুটি জোৰায়ে  ধৰ তই, পাগলা,
 তোৰে বৰ বিলত পৰিম॥
মোৰে বৰ বিলত  পৰ তই, পাগলী,
 জকাই-জুলুকি বাম।
জকাই জুলুকি  বাৱ তই, পগলা,
 শামুকে শেলায়ে হম॥
শামুক শেলাই  হৱ তই, পাগলী,
 তোকে চূণে পুৰি খাম।
মোকে চূণ পুৰি  খাৱ তই, পগলা,
 দুয়ো মুখে দাকি পেলাম॥
দুয়ো মুখে দাকি  পেলা তই, পাগলী,
 তেলে দি জৰাই পেলাম।
তেল দি জৰাই  পেলাৱ তই, পগলা,
 সৰিয়হ জনম ধৰিম॥
সৰিয়হ জনমে  ধৰ তই, পাগলী,
 বেতেৰি চেপা দি মাৰিম।
বেতেৰি চেপা দি  মাৰ তই, পগলা,
 খলিহৈ জনম ধৰিম॥