পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
পুতলি

তেলীয়ে দিব তেল-তুল মালীয়ে দিব ফুল।
অ’ মালী! অ’ মালী! বাপেৰ কলৈ গ’ল?
বৰবৰুৱাই মাতি নিলে কাঁহ কোবাই গ'ল।
কাঁহ দিলে, পিতল দিলে, আৰু দিলে জৰা।
তাৰ মাজত সোমাই গ’ল হাবুঙীয়া বৰা॥
হাবুঙীয়া বৰাৰ পেটত লাগিল ভোক।
একেমুঠি আঢ়ৈ চাউল, ডেৰ শ লোক॥
ডেৰ শ লোকে বোলে উৰোঁ উৰোঁ কৰে।
উৰিব নোৱাৰি আঁচলত ধৰে॥
আঁচলৰ ডক্ মক্ পদুমৰ চকা।
ওলাই চাই আহোঁগৈ গড়গঞা বুঢ়া॥


শালিকী ঔ! ৰটৌ-টৌ!!
 কণী পাৰি দিয়া খাওঁ।
ইকৰা পাতেৰে নাও সাজি দিয়া,
 বঙাল মাৰিবলৈ যাওঁ।
বঙালো মাৰিলাঁ, ভালকো কৰিলাঁ,
 আমালৈ আনিছাঁ কি?
তোমালৈ আনিছোঁ পৰলা ঘোৰাটি,
 সোণৰে শিকলি দি॥
সোণৰে শিকলি, তামে নাই পিতলি,
 ঘাঁহীয়ে নোযোগায় ঘাঁহ।
ঘাঁহিয়াল বৰুৱাৰ আলৈয়ে-বিলৈয়ে,
 পানীতো নচৰে হাঁহ॥
পানীতকৈ ডাঙৰে পানীৰে পৰুৱা,
 শালতকৈ ডাঙৰে হাতী।
ঘাঁহিয়াল বৰুৱাৰ জীয়েক পাঁচজনী,
 তাৰে সৰুজনী কাজী॥
মাটিয়ে মিদঙে গামে চাই সাজিলোঁ,
 মই বোলোঁ কত বা কাজী।
আলেঙে আলেঙে চাই পঠিয়ালোঁ,
 ধৰিব নাজানে পাঁজি॥