পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৪
জনকাব্য

‘অ’ গৰু! অ’ গৰু!
 আগ খাৱ কিয়?
‘গৰখীয়াই যে গৰু নৰখে,
 মইনো নাখাম কিয়?’
‘অ’ গৰখীয়া! অ’ গৰখীয়া!
 গৰু নৰখ কিয়?’
‘ৰান্ধনীয়ে যে ভাত নাৰান্ধে,
 মইনো ৰখিম কিয়?’
‘অ’ ৰান্ধনী! অ’ ৰান্ধনী!
 ভাত নাৰান্ধ কিয়?’
‘খৰিকটীয়াই যে খৰি নোলোৰে,
 মইনো ৰান্ধিম কিয়?’
‘অ’ খৰিকটীয়া! অ’ খৰিকটীয়া!
 খৰি নোলোৰ কিয়?
কমাৰে যে দা নগঢ়ে,
 মইনো লুৰিম কিয়?’
অ’ কমাৰ! অ’ কমাৰ!
 দা নগঢ় কিয়?’
এঙেৰুৱাই যে এঙাৰ নিদিয়ে,
 মইনো গঢ়িম কিয়?’
অ’ এঙেৰুৱা! অ’ এঙেৰুৱা!
 এঙাৰ নিদিয় কিয়?’
“মেঘে যে বৰষে মইনো দিম কিয়?’
 ‘অ’ মেঘ! অ’ মেঘ! বৰষ কিয়?’
ভেকুলীয়ে যে টোৰ্টোৰায়, মইনো নবৰষিম কিয়?’
 ‘অ’ ভেকুলী! অ; ভেকুলী! টোৰ্টোৰাৱ কিয়?’
বোপা-ককাৰ বৃত্তিটো এৰিম বা কিয়?
 
শালিকী এ’! লথৌ-থৌ!!
ভাত হল, শাক হল, ডালত পৰি খা।
ডাল-ডুল ভাঙি-ছিঙি অ’লৈ ত’লৈ যা॥