পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৬
জনকাব্য

মেধি! মেধি! কুকুৰে নিলে খেদি
 মেধি পৰিল খালত।
 কুকুৰে কামুৰিলে গালত॥

আমাৰে মইনা শুব।
বাৰীতে বগৰি ৰুব॥
বাৰীৰে বগৰি পকি সৰিব।
মইনাই বুটলি খাব॥

 ‘মালী, ঔ মালী! বাপেৰ কলৈ গ’ল?
 বৰবৰুৱাই মাটি নিলে কাঁহ কোবাই গ’ল।
 কাঁহ দিলে, পিতল দিলে, আৰু দিলে জৰা।
 তাৰ মাজত সোমাই গ’ল হাবুঙীয়া বৰা।
 হাবুঙীয়া বৰাৰ পেটত লাগিল ভোক।
 একে মুঠি আৰৈ চাউল ডেৰ কুৰি লোক॥’
 ‘ডেৰ কুৰি লোকে কি কি খায়?’
 ‘হাবুঙীয়া বৰাই পহু মাৰিবলৈ যায়॥’
‘কেইটা কেইটা পালে?’—‘ডেৰকুৰি পালে।’
 ‘কাক কাক দিলে?’ ‘ভঁৰালী বৰুৱাক দিলে॥’
 ‘ভঁৰালী বৰুৱাই কি কি দিলে?'
 ‘গেঁৰা হাতী গেঁৰা মহ দিলে।’
 ‘গেঁৰা হাতী গেঁৰা মহে কি কি খায়?’
 ‘দালিম চিৰি চিৰি খায়॥’

 ‘চিৎ পখিলা!
তিনি মূৰ দহ ঠেঙ্ ক’ত দেখিলা?’
‘দেখিলোঁ দেখিলোঁ বাটে যাওঁতে।
ফুলৰে হাঁচটিত তামোল খাওঁতে॥’
‘ফুলৰে হাঁচটিত কি কি আছে?’
‘শাখে-সেন্দুৰে সমস্তে আছে॥’
‘শাখে-সেন্দুৰে কালৈ লাগে?’