পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পুতলি

(ল’ৰা নিচুকোৱা নাম)

‘জোনবাই এ’! এটি তৰা দিয়াঁ।
এটি তৰা নালাগে, দুটি তৰা দিয়াঁ।
‘পাত নাই, চোত নাই, কিহতকৈ দিম?
হালধীয়া চৰায়ে বাওধান খায়।
শহুৰৰ পুতেকে নাও মেলি যায়॥
 নাৱে বোলে টুলুং ভুটুং!
 বঠাই বোলে টুলুং ভুটুং!
 গধূলিতে দবা কোবায়॥
 
‘জোনবাই এ’! বেজী এটি দিয়াঁ।’
‘বেজী নো কেলেই?’ —‘মোনা সীবলই।’
‘মোনা নো কেলেই?’— ‘ধন ভৰাবলৈ।’
‘ধন নো কেলেই?’ — ‘হাতী কিনিবলৈ।’
‘হাতী নো কেলেই?’ — ‘উঠি ফুৰিবলৈ।’
‘উঠি ফুৰিলে কি হয়?’ — ‘বৰ মানুহ হয়’।
 ‘বৰ মানুহ হ'লে কি হয়?’ —
‘গধূলিতে ডুডুম্-ডুম্ ডবা কোবাবলৈ পায়।’
 
‘শুন, মোৰ পুতলি, শুন!
 হাতত কঙ্কন লৈ, তই হলি ঘৈণী?
মোক পাতিলি বেটী? —
 ‘হয়! আইদেউ, হয়’!!
 
‘অ’ ফুল! অ’ ফুল!
 নুফুল কিয়?’
‘গৰুৱে যে আগ খায়,
 মইনো ফুলিম কিয়?’