পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
বিহুৱতী

পৰ্বতত মাৰিবৰ  লুডুমা গাহৰি,
 ভৈয়ামত মাৰিবৰ গড়।
আমাকে পাবলৈ  গঙাচান্ কৰাঁগৈ
 বিধাতাত মাগাঁগৈ বৰ॥ ৭৪৫।

তোমাৰ আশয় আমি নাপাওঁ ভাল কৰি,
 সতিনী-অঁহীয়া পৈ।
এবেলা হঁহুৱায়,  এবেলা কন্দুৱায়,
 পথালি কোলাতে লৈ॥ ৭৪৬।

তোমাৰে মৰমত  মৰোঁ, ঐ লাহৰী,
 তোমাৰে মৰমত মৰোঁ।
প্ৰেমৰে পুখুৰীত  বুৰ দি, লাহৰী,
 দেহাটি শীতল কৰোঁ॥ ৭৪৭।

গুণৰ গুণজৰী  বটিয়া পুৰণি,
 বহি গুঁথিছিলে মণি।
দুইৰো দুখৰ কথা  হবলৈ নাপালোঁ,
 পিছতে ওলালহি শনি॥ ৭৪৮।

বাৰীৰ পিছফালে  পাতো তাঁতশাল,
 ওভতাই মাৰি যাওঁ মাকো।
ইফালে টকাৰ মাত,  সিফালে টকাৰ মাত,
 মাজত কেনেকৰি থাকোঁ॥ ৭৪৯।