পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
জনকাব্য

আলি ঢাকি পৰিলে  শালিকা চৰাইটি,
 বালি ঢাকি পৰিলে কাম।
বহনাৰ লগতে  নাচোঁতে নাচোঁতে
 বৈ গল জুৰুলি ঘাম॥ ৭৪০।

অষ্ট্ৰত্ৰিংশ অধ্যায়

ভটিয়াই যাবাগৈ,  কলবাৰী পাবাগৈ,
 চপাই নাকাটিবা পাত।
আলহীৰ নিচিনা  খাবাঁ চাউল সিধা,
 কাৰো গাত নিদিবা হাত॥ ৭৪১।

পিন্ধিবৰ মন গল  জালিকটা ৰিহাখন,
 হাতেৰে নহলোঁ কাজী।
সোমবৰ মন গল  আমোলা-মহৰিত,
 ভাগ্যেৰে নাহিলোঁ সাধি॥ ৭৪২।

লাহৰ চুলি মেলি  তেলকে নাপালোঁ,
 পাতি পাৰি নাপালোঁ ভাত।
পাটি পাৰি নাপালোঁ  মোৰ ধন বহনাক,
 কাণ পাতি নাপালোঁ মাত॥ ৭৪৩।

জয়খাম্দাং খাতৰে  জহা চাউল নাপালোঁ,
 মালৌ পথাৰৰ দৈ।
মোৰ ধন কলিজাক  চাবলৈ নাপালোঁ,
 পথালি কোলাতে লৈ॥ ৭৪৪।