পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪২
জনকাব্য

গছত লাগিছিল মাকৰী ঘিলাটি,
 তলত পৰি পৰি ঘূৰে।
ককাল-খামুচীয়া  ছোৱালী নানিবা,
 পখিলা উৰাদি উৰে॥ ৭৫০।

হাবিতে গোজৰে  ঢেকিয়া-পতীয়া,
 যঁতৰত গোজৰে শলা।
মাছৰে গোন্ধ পাই  বিড়লি গোজৰে,
 পিন্ধি ভকতীয়া মালা॥ ৭৫১।

কাৱৈজনী কাঞৰী,  খলিহনা বনৰী,
 গৰৈয়ে টোকাৰী বায়।
দীঘল দৰিকণা  পিন্ধি গলপতা
 লগৰী বিচাৰি যায়॥ ৭৫২।

শালে ভূমুকিয়ায়,  সলে ভূমুকিয়ায়,
 আৰু ভূমুকিয়ায় চেঙা।
শহুৰৰ পদূলিত  ধনে ভূমুকিয়াই,
 মনত মোৰ লগালে জেঙা। ৭৫৩৷

বৰঘৰৰ মূধতে  কপৌ কুৰুলিয়ায়,
 সাইলাখ মদনৰ মাত।
খেদি দে, খেদি দে,  অজাতি কপৌ ঐ,
 শৰণ খেৰ মাৰিছে গাত॥ ৭৫৪৷