পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৭
বিহুৱতী

ৰজালৈ এটকি  দিয়ক, ডাঙৰীয়া,
 প্ৰজালৈ এটকি দিয়ক।
আমি সমনীয়াই  বিহুখন পাতিছোঁ
 আমাকো এটকি দিয়ক॥ ৬২৫।

শুকান ঢেকিয়াৰ  কাপ, ডাঙৰীয়া,
 শুকান ঢেকিয়াৰ কাপ।
জীয়াই থাকে মানে  ভকতক শুধিব,
 মৰিলে শুধিব কাক॥ ৬২৬।

ধনে ধনে কৰি  ধনকে ঘটিলে
 পৰম যতন কৰি।
ধন ৰব পৰি  দেহা যাব চলি
 লগত যাব দুচলি খৰি॥ ৬২৭।

উলিকৈ তামোলৰ  পুলি, ডাঙৰীয়া,
 উলিকৈ তামোলৰ পুলি।
খুৰা লগা বটাটো  যায় বাট বুলি
 চিকা ৰূপ আনোগৈ বুলি॥ ৬২৮।

চৰাইৰে চিকুণ  তেলীয়া সাৰঙ্ ঐ,
 মাছৰ চিকুণ মালী৷
দেউতাৰ চিকুণ  কেকোঁৰা দোলাখন,
 শুৱায় গজপুৰৰ আলি॥ ৬২৯।