পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৬
জনকাব্য

হেৰা হুচৰি, গাইছোঁ খুচৰি,
পৰ্ব্বতত শুনি যাওঁ ৰিঙ্‌ ঐ, গোবিন্দাই ৰাম॥ ৬২০।

বিহু-ঘোষা

দ্বাত্ৰিংশ অধ্যায়

দেউতাৰ বৰঘৰ  দেখোঁতেই ভয়ঙ্কৰ,
 শৰণ খেৰ-এ মেলি চায়।
ন শ গাঠনিত  মুগাৰে বটীয়া,
 সৰিয়হ পিচলি যায়॥ ৬২১।

দেউতা ওলালে  বৰ চ’ৰাৰ মুখলৈ,
 দুলীয়াই পাতিলে দোলা।
কাণত জিলিকিল  নৰা-জাংফাই,
 গাত গোম্‌চেঙৰ চোলা॥ ৬২২।

জোনৰ তামুলী  তৰা, লগৰীয়া, .
 জোনৰ তামুলী তৰা।
স্বৰ্গদেৱৰ তামুলী  গন্ধীয়া ফুকনে
 মাতে তাওকাকৰ পৰা॥ ৬২৩।

পূবেদি ওলাবৰ  ৰণু, সমীয়া
 পূবেদি ওলাবৰ ৰণু৷
সুন্দৰ বৰগোঁহাই  ৰণলৈ ওলালে,
 আটাই ঘূনে খোৱা ধনু॥ ৬২৪৷