পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
জনকাব্য

মাখিৰ মূৰ কাটি  ঢোলটি সাজিলোঁ,
 পিপৰাৰ ছালেৰে ছালোঁ।
জেলুকৰ ছালেৰে  বৰতি কাটিলোঁ,
 ফৰিঙৰ ঠেঙেৰে বালোঁ॥ ৬৩০।

ঢোলৰ নাম উৰুলি,  ঢোলৰ নাম কুৰুলি,
 ঢোলতো বিন্ধিলে ঘূনে।
মৰাণৰ মুছিয়াৰ  ঘৰত নাইকিয়া,
 ঢোল ছাই দিব কোনে॥ ৬৩১।

কৰদৈৰ চকলা  পাত, ঐ দেউতা
 কৰদৈৰ চকলা পাত৷
ৰূপৰে চকলা  হুঁচৰিক নিদিলে
 হুঁচৰিয়ে নিদিয়ে বাট॥ ৩৩২।

কেলৈ লাগিছে  তামৰে পইছা,
 চুকত পৰি পৰি আছে।
দিয়াঁ ঐ দিয়াঁ ঐ  চিকাৰূপ দুটকা,
 আগলৈ যশস্যা আছে॥ ৬৩৩।

তিতা ধান-খেৰৰ  ছাই, ঐ দদাইদেউ,
 তিতা ধানখেৰৰ ছাই।
ত’ৰ-এ পৰা  শবদত শুনিলোঁ,
 তোমাৰ ‘মান চহকী নাই॥ ৬৩৪৷