পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তেনেবোৰ গীতো চালি-জাৰি চাই ইয়াত ঠাই দিছোঁ। দৈহিক বৰ্ণনা বা মিলন- ইঙ্গিত আছে, অথচ তাৰ বাবে বহিস্কৃত কৰিলে সুকুমাৰ কলা-সৃষ্টিৰ এপাহি ধুনীয়া ফুল গচকত পৰে, তেনে গীতো আমি সতৰ্কতাৰে অ’ত ত’ত ঠাই দিছোঁ; সেইবোৰ গীতৰ সহজ সৌন্দৰ্য্যই তাৰ কৈফিয়ৎ' হ'ব বুলি আমি আশা কৰোঁ।

 বিবিধ ঠাইৰ বিবিধ সময়ৰ বিবিধ কবিৰ এই বিবিধ গীতৰ ভিতৰত এটি ঐক্য-সূত্ৰ বিচাৰি উলিয়াই তাৰে গুঁথি নিদিয়া হ’লে ই বন-ঘোষাৰ এটা দ’ম হলহেঁতেন, গ্ৰন্থ নহয়। পাছে সি ভবাত যিমান সহজ, কামত তেনে নাছিল; তথাপি যৎপৰোনাস্তি চেষ্টাৰে আমি ইয়াক যিমান সুচাৰুৰূপে সম্পাদন কৰিব পাৰি তাৰ ত্ৰুটি কৰা নাই। আৰু এটি কথা, পদুম পাতত ৰহন সানিবলৈ যোৱাৰ নিচিনা দুঃসাহস আমি কৰা নাই; কেৱল য’ত একেটা গীতকে অলপ ভিন্‌ভাৱে শুনিবলৈ পোৱা হয়, আমি তাৰ শ্ৰেষ্ঠটি স্বভাৱতে বাচি লৈছোঁ। প্ৰকৃতিৰ ফুল বুলি তুলাপাতৰ ফুল বেচিবৰ চেষ্টা কৰা নিৰ্বোধৰ কাৰ্য্য দেখি আমি তাৰ পৰা আঁতৰত আছোঁ; তথাপি আমাৰ সম্পাদনাটি এনেবোৰ ঘাতি নলগোৱাকৈ যিমান পাৰো নিখুঁত কৰিবৰ যত্নৰ ক্ৰটি কৰা নাই আকৌ।

 ধুবুৰীঃ ১৫ ফাগুন, ১৮৫০; ফেব্ৰুৱাৰী, ১৯২৮।


সপ্তম সংস্কৰণ


“বৰ্ত্ম কৰ্ষতি পূৰঃ পৰমেকস্তদ্ গতানুগতিকো ন মহাৰ্ঘঃ।” আগতে বাট কাটে এজনে; পাছত সেই বাটেদি আহোঁতা-যাওঁতাৰ আকাল নাই। নানান বাধা- বিঘিনি লঙ্ঘি, নিন্দা-গৰিহনালৈ শিৰ পাতি দুকুৰি বছৰৰ আগত বন-ঘোষা বিহু- নামৰ এই প্ৰথম থুপিটি যেতিয়া উলিয়াওঁ, সেয়ো এদিন; আৰু আজি বিনা- স্বীকৃতিৰে অনীতিমূলকভাৱে আমাৰ সংগৃহীত আৰু সম্পাদিত সেই গীতবোৰকে মুঠেই আইনৰ হাত সাৰিবলৈ মাজে মাজে ছটিয়াই একেবোৰ গীতকে একেদৰে বা দুই-এটা শব্দ সাল-সলনি কৰি চাৰি-পাঁচ ঠাইত সুমুৱাই আৰু নিজৰ “গোজামিল" ৰচনাৰো ভেজনি দি আগ-গুৰি আৰু লাগ-বান্ধ নথকা গীতৰ দ’মেৰে ধন-মানৰ খোকা পতা প্ৰকাশক— ’সংগ্ৰাহক’ৰ কাল, এয়ো এদিন।

 দুকুৰি বছৰৰ আগতে জয়ে জয়ে আমাৰ বন-ঘোযাৰ আলোচনা “চেতনা’’ত আৰু এই পুথিৰ প্ৰথম-দ্বিতীয় তাঙৰণৰ “আগকথা’’ত পঢ়ি অধিনায়ক বেজবৰুৱা প্ৰমুখ্যে সুধী-সমাজে উচ্চ প্ৰশংসা কৰিছিল। এতিয়া আমি