পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আচৰিত হোৱাতকৈ আমোদহে উপভোগ কৰিছিলোঁ, সৌ সিদিনা অসমৰ সাংস্কৃতিক ৰাজধানীত পতা এখন ৰাজহুৱা বিহু-সন্মেলনত আমাৰ উপস্থিতিতে এজন শক্তিধৰ বক্তা-সাহিত্যিকে বাহু আস্ফালি ঢকিয়াই মেজ ভাঙে যেন কৰি এই বাণী শুনাই সভাসদসকলক স্তম্ভিত কৰি দিছিল,—“দুৰ্ভাগ্যৰ কথা, লাজৰ কথা, অসমীয়া বন-গীতৰ আজিলৈকে কোনো আলোচনাই হোৱা নাই, বা আলোচনা কৰিব পৰা লোকৰ জন্মই হোৱা নাই” ইত্যাদি। আমাৰ তেতিয়াই এই বিশ্বাস দৃঢ় হৈছিল, বাপেকক “এইজননো কোন মানুহ” বুলিবৰ যুগ এয়ে। “জালকে বুলিলে জকাই আন্ধাৰে-মোধাৰে চিনিব নোৱাৰি, পৈয়েকক বুলিলে ককাই॥” অসমৰ এই চিৰকলীয়া আন্ধাৰ কেতিয়াবা দূৰ হ’ব নে?

 আমাৰ সম্পাদিত হৈ ওলোৱা বন-ঘোষাৰ লেখ আমাৰ সংগৃহীত গীতৰ আধাখিনিহে বুলিব পাৰি। কুৰুচিৰ বাহিৰেও কলামূলক সৌন্দৰ্য্য নথকা “মামুলি” গীতবোৰ আমি উকলিয়াই পেলাইছোঁ; হাঁহি উঠা কথা, সেইবোৰ আৰু তেনে আন কিছুমান ঢোকা-ভেজা দিয়া নামেৰেও দ’ম ডাঙৰ কৰি ঘূণীয়া হ’লেও ধুনীয়া কিতাপ ওলাইছে। তদুপৰি দুৰ্নীতিপৰায়ণ কোনো কোনো ‘পণ্ডিতে’ অসমীয়া গীত সাহিত্যৰ আলোচনা কৰিবলৈ গৈ বিনা স্বীকৃতিৰে আমাৰ সম্পাদিত গীতবোৰ উদ্ধৃত কৰাৰ উপৰিও, নতূন বিষয়ত দাঁত বহুৱাব নোৱাৰি “চোবাত সেলেঙি লগোৱা” অভ্যাসেৰে, অকল আমাৰ আলোচনাৰে পুনৰাবৃত্তি কৰি এৰা নাই; পোন প্ৰথমে আমাৰ আলোচনাত উদ্ধৃত বিদেশী ভাষাৰ উদ্ধৃতিবোৰ পুনঃ উদ্ধৃত কৰি ‘পাণ্ডিত্য’ৰ পৰকাষ্ঠা দেখুৱাইছে। ইহাতে দুকুৰি বছৰ কিয়, কুৰি বছৰৰ আগৰ অসমীয়া সাহিত্যৰ ভূ নথকা পঢ়ুৱৈ সমাজে সেইবোৰকে পঢ়ি অসমীয়া সাহিত্যৰ আকাশত ধূমকেতুৰ আবিৰ্ভাৱ দেখি তেওঁলোকৰ পিঠিত চপৰিয়াইছে। অসমীয়া সাহিত্যৰ এনেবোৰ বেমেজালি কেতিয়াবা আঁতৰিব নে “যি নাছিল মোচত। সি ওলায় চিপৰাঙৰ খোচত॥”

আঘোণ, ১৮৮৩।