পৃষ্ঠা:ডিম্বেশ্বৰ নেওগৰ জনকাব্য.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

দ্বিতীয় তাঙৰণ

১৯২১-২২ৰ “চেতনাত” (২য় বছৰ, ১২শ সংখ্যা) আমাৰ প্ৰথম আলোচনা আৰু তাৰ পাছতে “আগকথা”ৰে সৈতে সেই প্ৰথম সংগ্ৰহটি পাই বন-ঘোষাব অশ্লীলতা সম্বন্ধে কুসংস্কাৰ বহুত পালিছে নিশ্চয়; তথাপি সাধাৰণ সাহিত্যৰ দৰে ইয়াক ঘৰৰ ঘৰোৱালে মুকলিকৈ পঢ়িব নোৱাৰি বুলি সন্দেহ জন্ম স্বাভাৱিক। কিন্তু এই লেখত অকল বন-ঘোষাহে নালাগে জগতৰ এজন কবিগুৰু কালিদাস আৰু শেক্সপীয়েৰক মুখ্য কৰি বিশ্ব-কবিসকলৰ, সৰহ নালাগে শ্ৰীশঙ্কৰদেৱৰ তথা ভাৰতীয় বৈষ্ণৱ সাহিত্যৰে কোনো কোনো ছোৱা ঘৰব সকলোৰে আগত নিসঙ্কোচে পঢ়িব নোৱাৰি। গতিকে এই বিষয়ত গ্ৰাম্য দোষ আৰোপ কৰি হাত সাৰিবৰ উপায় নাই।

 আমাৰ মনেৰে, এটি জীৱৰ প্ৰতি আন এটিৰ আত্মিক আকৰ্ষণতকৈ সত্য আৰু সুন্দৰ কথা ক'তো নাই। য’তে মানুহৰ গভীৰ প্ৰেম আৰু অকৃত্ৰিম প্ৰীতি, ত’তেই তেওঁৰ প্ৰকৃত দেৱ-পূজা আৰু স্বৰূপ ঈশ্বৰ-উপাসনা। এই আধ্যাত্মিক আকৰ্যণ মানৱ সমাজ তথা জীৱ-জগতৰ যে কথাই নাই; প্ৰতি গ্ৰহ, প্ৰতি নক্ষত্ৰ, প্ৰতি অণু-পৰমাণুৰ মাজত বিৰাজ কৰি আমি সদৌৱেই যে সেই অখণ্ডৰ একোটি পবিত্ৰ খণ্ড, এই পৰম সত্য সজীৱ কৰি ৰাখিছে। অৱশ্যে ইয়াত শাৰীৰিক আকৰ্ষণ ছিটাও অত তত নপৰাকৈ থকা নাই; ইয়াৰ হেতু হ'ল আমি মানুহ; দেৱতাও নহওঁ, পশুও নহওঁঃ কিন্তু দুইৰে দোমোজাত পৰা পুতৌ-লগা প্ৰাণী। আমি দেৱতা হোৱা হলে তৰাৰ প্ৰতি তৰাৰ যি আকৰ্ষণ, সেয়ে মাত্ৰ থাকিলহেঁতেন; আৰু আমি পশু হোৱা হলে দৈহিক আকৰ্ষণেই আমাক আবৰি ৰাখিলহেঁতেনঃ কিন্তু এই দুই অৱস্থাৰ সঙ্গমত থকা হেতুকে আত্মিক আৰু দৈহিক উভয় প্ৰভাৱেই আমাৰ ওপৰত জিলিকি পৰে যে তাক নুই কৰিব নোৱাৰি।

 এই নামবোৰতো আমি মন কৰিছোঁ, যতেই ভাবৰ গভীৰতা আৰু প্ৰেমৰ তন্ময়তা আছে, ত’তেই সিহঁত তুতি-গীতৰ কাষ চাপিছে; আৰু য’তেই সেই গভীৰতা আৰু তন্ময়তাৰ অভাৱ ত’তে সিহঁত তলৰ শাৰীলৈ নামি পচা দেহৰ পচা ভাব-ৰাশি মাথোন উগাৰি দিছে। আমি জানি-শুনি এই পিছৰ শাৰীৰ নাম ইয়াত ঠাই দিয়া নাই, পাছে, অলপো আত্মিক আকৰ্ষণ নথকা দৈহিক আকৰ্ষণ বিৰল বুজি আধ্যাত্মিকতাৰ অনুপাত অনুসৰি যিবোৰত চিৰত্বৰ ভাগ আছে,